Mahastami at Bihpuria: বিহপুৰীয়াৰ বৰকালিকা শক্তিপীঠত পৰম্পৰা ৰক্ষা কৰি বলি বিধান; বহিঃৰাজ্যৰ পৰাও ভক্তৰ আগমন - বিহপুৰীয়াৰ বৰকালিকা শক্তিপীঠ
🎬 Watch Now: Feature Video
Published : Oct 22, 2023, 6:26 PM IST
বিহপুৰীয়া, 22 অক্টোবৰ : আজি মহা অষ্টমী । দেৱী দুৰ্গাৰ প্ৰতি শ্ৰদ্ধা-ভক্তি, বিশ্বাস আগ কৰি আজিৰ দিনটোত ৰাইজে দেৱীৰ প্ৰতি আস্থা প্ৰদৰ্শন কৰে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিহপুৰীয়াৰ বিভিন্ন স্থানতো উলহ মালহেৰে উদযাপন কৰা হৈছে দুৰ্গা পূজা ।
আজি মহা অষ্টমীৰ দিনটোত দেখা গৈছে পূজাথলিত ভক্তপ্ৰাণ ৰাইজৰ ভিৰ । বিহপুৰীয়াৰ শ্ৰী শ্ৰী বৰকালীকা শক্তিপীঠৰ দুৰ্গা পূজাত মহা অষ্টমীৰ দিনা পৰম্পৰা ৰক্ষা কৰি বলি দিলে শ শ হাঁহ, ছাগলী । বিহপুৰীয়াৰ ধলধলীয়া গাঁৱত এসময়ত দেখা দিয়া কলেৰা মহামাৰীৰ পৰা পৰিত্ৰাণ পাবলৈ ধীতৰাম নেওঁগে ১৯৪২ চনতে প্ৰতিষ্ঠা কৰিছিল শ্ৰী শ্ৰী বৰকালিকা শক্তিপীঠ ।
তেতিয়াৰ পৰা দুৰ্গা পূজাৰ অষ্টমীৰ দিনটোত চলি আহিছে বলি বিধানৰ পৰম্পৰা । বিশ্বাস-ভক্তিৰ প্ৰতীকৰূপে পৰিগণিত হোৱা উক্ত বৰকালিকা শক্তিপীঠত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ পৰা আগমন ঘটা ভক্তই প্ৰতি বছৰৰ দৰে আজিৰ দিনটোত মনৰ আশা পূৰণৰ হেতু হাঁহ আৰু ছাগলী বলিৰ বাবে আগবঢ়ায় ।
লগতে পঢ়ক: Assam CM visit in Hojai: আজি মহা অষ্টমী, হোজাইত পূজাৰ মণ্ডপে মণ্ডপে সেৱা ল’লে মুখ্যমন্ত্ৰী শৰ্মাই