Road Safety Awareness: বন্ধুক থবলৈ আহি বিপদত বাইকাৰ্চ ! - গুৱাহাটী

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 1, 2023, 10:06 PM IST

Updated : Jul 1, 2023, 10:13 PM IST

গুৱাহাটী ১ জুলাই: মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাচতে কঠোৰ হৈছে পৰিবহন বিভাগ ৷ যান-বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধ মহানগৰীত অধিক কঠোৰ হৈছে পৰিবহন বিভাগ । শনিবাৰে মহানগৰীৰ খানাপাৰাত পৰিবহন বিভাগে পৰিবহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে অভিযান চলায় ৷ হেলমেট পৰিধান নকৰা অথবা চাৰিচকীয়া বাহনত চিট বেল্ট নলগোৱা, সুৰা সেৱন কৰি গাড়ী চলোৱাৰ ফলত হ’ব পৰা দুৰ্ঘটনাসমূহ নিৰ্মূল কৰাৰ বাবে পৰিবহন বিভাগে অভিযান চলায় ৷  

পৰিবহন আয়ুক্ত গৌতম দাস আৰু এনৰ্ফছমেন্ট বিষয়া হিমাংশু দাসৰ নেতৃত্ব চলে এই অভিযান ৷ অভিযানত জব্দ কৰে পৰিবহন নিয়ম মানি নচলা লোকৰ কেইবাখনো বাহন ।

উল্লেখযোগ্য যে বিগত কিছু দিনৰ ভিতৰতে গুৱাহাটী মহানগৰীতে দুৰ্ঘটনাত ২৬ লোকৰ মৃত্যু হৈছিল । তাৰ পিছতে পৰিবহন বিভাগক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অধিক পৰিমাণে কঠোৰ হ’বলৈ নিৰ্দেশ প্ৰদান কৰিছিল ।

লগতে পঢ়ক:CM on Dighalipukhuri: দীঘলীপুখুৰীক গুজৰাটৰ প্ৰতিষ্ঠানক গতোৱাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ

Last Updated : Jul 1, 2023, 10:13 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.