Alcoholic police: পুৱাই লালমাতিত এটুপি ধৰি ঢলং-পলং আৰক্ষী জোৱান - পুৱাই লালমাতিত এটুপি ধৰি ঢলং পলং আৰক্ষী জোৱান
🎬 Watch Now: Feature Video
গুৱাহাটী,২৮ মে': পুনৰ স্মাৰ্ট অসম আৰক্ষীৰ নাক কাটিলে খাকি পোচাকধাৰীয়ে (Alcoholic police) । পুৱাৰভাগতেই এটুপি ধৰি ঢলং-পলঙকৈ কৰ্তব্যলৈ আহিল এজন আৰক্ষী জোৱান । গুৱাহাটীৰ মাজ মজিয়াত আৰক্ষীৰ এই ৰূপ দেখি হাঁহিবই নে কান্দিব আপুনি । সুৰাৰ ৰাগীত ঢলং-পলঙকৈ ইফালৰ পৰা সিফালে বাগৰি পৰাৰ উপক্ৰম হয় জোৱানজন (Drunk policeman at Lalmati in Guwahati) ।
পুৱাৰ ভাগতে জোৱানগৰাকীৰ এই অৱস্থা দেখি ৰৈ ৰৈ চালে স্থানীয় জনতাই । মহানগৰীৰ লালমাটিত দেখা গ'ল এই আমোদজনক দৃশ্য । মদাহী জোৱানগৰাকীৰ নাম ৰন্তু কলিতা । অৱশেষত সাংবাদিকৰ কেমেৰা দেখি ৰাজপথ অতিক্ৰম কৰি সোমায় যায় গেমছ ভিলেজৰ দিশে ।
উল্লেখ্য যে কিছুদিন পুৰ্বে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ঘোষণা কৰিছিল যে "এবছৰৰ ভিতৰত অসম আৰক্ষীৰ সকলো মদাহী পুলিছক VRS দিয়া হ'ব । সুৰাপান কৰি তেওঁলোকে শৰীৰ নষ্ট কৰি পেলাইছে । এই সুৰাপায়ী ঠাইত নিযুক্তি দিয়া হ'ব অন্য নিৱনুৱা যুৱক-যুৱতীক ।"(VRS to alcoholic police) গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ঘোষণাৰ পিচতো আৰক্ষী জোৱানৰ এনে অৱস্থাই যথেষ্ঠ কৌতুহলৰ সৃষ্টি কৰিছে ।
লগতে পঢ়ক: Electricity generation in Assam: বিদ্যুৎ উৎপাদনৰ ক্ষেত্রত এতিয়াও বহু পিছপৰি আছে অসম