চাচনীত ড্ৰাগছ বিৰোধী অভিযান - latest drugs news

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Jan 10, 2024, 12:39 PM IST

ডিব্ৰুগড়, 10 জানুৱাৰী: ড্ৰাগছ সৰবৰাহ বন্ধ কৰিবলৈ ডিব্ৰুগড় আৰক্ষী কঠোৰ হৈছে যদিও জিলাখনৰ বিভিন্ন প্ৰান্তত ড্ৰাগছ সৰবৰাহ চলি থকা পৰিলক্ষিত হৈছে । ডিব্ৰুগড়ৰ প্ৰতিটো প্ৰান্তত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই থকাৰ মাজতে নাহৰকটীয়াৰ চাচনীত নিষিদ্ধ ড্ৰাগছসহ দুটাকৈ সৰবৰাহকাৰীক আটক কৰা হয় । নাহৰকটীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাণা কুমাৰ নাথ, উপ পৰিদৰ্শক কিশোৰ বড়ো আৰু চাচনী আৰক্ষী চকীৰ আই চি কেকে শৰ্মাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে মংগলবাৰৰ নিশা গোপন তথ্যৰ ভিত্তিত অভিযান চলাই চাচনী আমগুৰিৰ পৰা নিষিদ্ধ ড্ৰাগছসহ দুই সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় । 

ধৃত দুই সৰবৰাহকাৰী অমৰজ্যোতি গগৈ ওৰফে চনু (20) আৰু পংকজ তামুলী ওৰফে ভলুকা (29) বুলি জানিবলৈ পৰা গৈছে । আৰক্ষীয়ে চলোৱা অভিযানত অমৰজ্যোতি গগৈৰ পৰা 3.67 গ্ৰাম হেৰ'ইন আৰু পংকজ তামুলীৰ পৰা 11.83 গ্ৰাম হেৰ'ইন, 6 টা চাধাৰ টেমা, 29 হাজাৰ নগদ টকাৰ লগতে এটা ম’বাইল হেণ্ডছেট জব্দ কৰে । 

নাহৰকটীয়া আৰক্ষীয়ে এন ডি পি এছ এক্টৰ 21 (B)/29 ধাৰাৰ অধীনত গোচৰ ৰুজু কৰিছে । 

লগতে পঢ়ক: কৰিমগঞ্জত ১০০ কোটি টকাৰ ড্ৰাগছ জব্দ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.