Drugs disposed in Assam:বাক্সা জিলা আৰক্ষীয়ে দাহ কৰিলে ড্ৰাগছ - Drugs disposed in Assam
🎬 Watch Now: Feature Video
বাক্সা, ১৭ জুলাই :বাক্সাত আৰক্ষীৰ বেহুৰ মাজত দাও দাও কৈ জ্বলিছে এখন চিতা । ৰ’ব এই চিতা কোনো মৃত ব্যক্তিৰ নহয় ৷ দৰাচলতে এই চিতাত জ্বলিল আৰক্ষীয়ে জব্দ কৰা ড্ৰাগছ । জিলাখনৰ বৰবৰীৰ মৰাপাগলাদিয়া নৈৰ পাৰত ড্ৰাগছ জ্বলোৱা কাৰ্যসূচীত উপস্থিত থাকে বাক্সা জিলা আৰক্ষী অধীক্ষক ৰাজেন সিং, জিলা ন্যায়াধীষৰ লগতে কেইবাগৰাকী আৰক্ষী বিষয়া । ২০২০ -২১ চনৰ পাছত আৰক্ষী প্ৰশাসনৰ সন্মুখত জ্বলোৱা এইখন দ্বিতীয় চিতা ।
ড্ৰাগছ সেৱনকাৰী আৰু সৰবৰাহকাৰীৰ পৰা আৰক্ষী প্ৰশাসনে জব্দ কৰা ভাং, হেৰ'ইন, টেৱলেট, মেথাম ফেচামাইন আদিকে কৰি ৪৭,৮৫,৪০০ টকাৰ ড্ৰাগছ দাহন কৰে বাক্সা আৰক্ষীয়ে । ইপিনে,পূৰ্বতকৈ ড্ৰাগছ সৰবৰাহ আৰু সেৱনকাৰীৰ সংখ্যা কমিছে যদিও বাক্সা জিলা ড্ৰাগছমুক্ত হোৱা নাই বুলি মন্তব্য কৰে আৰক্ষী অধীক্ষক ৰাজেন সিঙে । বাক্সা জিলাক ড্ৰাগছ মুক্ত কৰাৰ কাৰণে বাক্সা আৰক্ষী প্ৰশাসনে অভিযান অব্যাহত ৰাখিব বুলি মন্তব্য কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে ।
লগতে পঢ়ক:MLA Phani Bhusan Choudhury: সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ প্ৰতিক্ৰিয়া বিধায়ক ফণীভূষণ চৌধুৰীৰ