Campaign against drugs: মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে তিনিচুকীয়াত সজাগতামূলক সমদল - drugs smuggling in Assam

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 15, 2023, 11:03 PM IST

তিনিচুকীয়া, ১৫ জুন: তিনিচুকীয়া জিলাৰ বৃহত্তৰ বাৰেকুৰি অঞ্চলৰ পুৰণি মতাপুং কৰ্মবীৰ সংঘ আৰু পুৰণি মতাপুং শাখা মহিলা সমিতিৰ উদ্যোগত ৰাইজৰ সহযোগত বৃহস্পতিবাৰে ড্ৰাগছ, কানিৰ লগতে আন মাদকদ্ৰব্যসমূহ নিৰ্মূল কৰাৰ উদ্দেশ্যে আয়োজন কৰা হয় এক সজাগতামূলক সমদল ৷

পুৰণি মটাপুং গাঁৱৰ পৰা বহুসংখ্যক স্থানীয় ৰাইজে বাহিৰ কৰা উক্ত সমদলটোৰ সময়ত মাদক দ্ৰব্য নিৰ্মূল কৰক, ড্ৰাগছৰ বিৰুদ্ধে জাগিছে, ড্ৰাগছৰ বিৰুদ্ধে ওলাই আহক, ড্ৰাগছৰ বিৰুদ্ধে সজাগ হওক, এই জুই জ্বলিছে আদি বিভিন্ন শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে ৷

পৰৱৰ্তী সময়ত প্ৰতিবাদী সমদলটোৱে বাৰেকুৰি আৰক্ষী থানাৰ সন্মুখত একত্ৰিত হৈ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ উপস্থিতিত এখন সজাগতা সভাৰ আয়োজন কৰে ৷ মাৰাত্মক ড্ৰাগছ, কানিৰ লগতে মাদকদ্ৰব্যসমুহ নিৰ্মূল কৰি এখন সুস্থ সমাজ গঢ়ি তোলাৰ স্বাৰ্থত আৰু অঞ্চলটোৰ নৱপ্ৰজন্মক এক সুস্থ সামাজিক পৰিবেশ দিয়াৰ উদ্দেশ্যেই এই সজাগতামূলক সমদল বাহিৰ কৰা হয় বুলি সদৰি কৰে স্থানীয় ৰাইছে ৷

লগতে পঢ়ক: Junmoni Rabha death case: জোনমণিৰ মৃত্যুৰ তদন্ত কৰিবলৈ কলিয়াবৰ উপস্থিত CBIৰ দল

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.