thumbnail

By ETV Bharat Assamese Team

Published : Jan 2, 2024, 2:16 PM IST

ETV Bharat / Videos

OC ছাৰক সোধক মই মদ খাওঁ নে নাখাওঁ: সুৰাপায়ীৰ দম্ভ

গোলাঘাট, ২ জানুৱাৰী :" আপোনালোকৰ মেচিন বেয়া। মোক বাৰে বাৰে ফু মাৰিব কৈছে। আপোলোকে ফু দিবলৈ কৈছে মই মাৰি আছো । কিন্তু আপোনালোকে বাৰে বাৰে ফুৱাই আছে । মই কোনো অপৰাধ কৰা নাই, কাগজ আছে । আছে দুটাকৈ হেলমেট ।" এয়া কোনো নাটকৰ সংলাপ নহয় । নৱবৰ্ষৰ প্ৰথম নিশা গোলাঘাটৰ ৰাজপথত এইজন সুৰাসক্ত যুৱকৰহে ভাষ্য় । গোলাঘাটৰ চক্ৰধৰাৰ এই যুৱকজনে নৱবৰ্ষ বুলি এটুপি গিলি বাইকত ফুৰিব গৈ আৰক্ষীৰ তালাচীৰ সময়ত লটি-ঘটি হওঁতেই ক'লে এনেদৰে । আৰক্ষী, পৰিবহণ বিভাগ তথা আৱকাৰী বিভাগৰ সুৰাৰ বিৰুদ্ধে চলা অভিযানৰ সময়তে যুৱকজনৰ আচৰণে বাৰুকৈ আমনি কৰিলে অভিযানকাৰী দলটোক।

আনহাতে, গোলাঘাট নগৰৰ ধনশিৰি নদীৰ দলঙৰ সমীপত এজন লোকে আকৌ কোনো কাৰণতে ব্ৰেথ এনালাইজাৰ মেচিনত ফু নামাৰে । নিয়মটো নকৰে বুলি দম্ভ মাৰি ক'লে,"মই থানাত থকা মানুহ । OC ছাৰক সোধক মই মদ খাওঁ নে নাখাওঁ । " ধনশিৰি নদীৰ পাৰত বনভোজ খাই ঘৰলৈ উভতি আহোতে গাড়ীৰ ভিতৰতে ধৰিলে অভিযানকাৰী দলে ।  

লগতে পঢ়ক:৮৫২.৬২ কোটি টকা ব্যয়ৰে দীঘলীপুখুৰী-নুনমাটি সংযোগী উৰণ সেতুৰ আধাৰশিলা স্থাপন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.