Asom Sahitya Sabha conference: নাৰায়ণপুৰ অধিৱেশনত সাহিত্য সভাৰ সভাপতিৰ চকীত বহিল ড৹ সূৰ্যকান্ত হাজৰিকা - Theft in Asom Sahitya Sabha conference
🎬 Watch Now: Feature Video
লখিমপুৰ, 3 ফেব্ৰুৱাৰী: শুকুৰবাৰে নাৰায়ণপুৰ অধিৱেশনত দায়িত্ব গ্ৰহণ কৰিলে অসম সাহিত্য সভাৰ নৱ-নিৰ্বাচিত সভাপতি সূৰ্যকান্ত হাজৰিকাই(Dr Surjya Kanta Hazarika) ৷ বিদায়ী সভাপতি কুলধৰ শইকীয়াই(Kuladhar Saikia) আনুষ্ঠানিকভাৱে দায়িত্ব অৰ্পণ কৰিলে সূৰ্যকান্ত হাজৰিকাক ৷ দায়িত্ব গ্ৰহণ কৰিয়েই মুকলি সভাত ৰাইজক উদ্দেশ্যি ভাষণ আগবঢ়াই হাজৰিকাই(President of Asom Sahitya Sabha) ৷
কিন্তু দীৰ্ঘ সময় নতুন সভাপতিগৰাকীয়ে দিয়া ভাষণত অতিষ্ঠ হৈ একাংশ সাহিত্যপ্ৰেমীয়ে ত্যাগ কৰিলে সভাগৃহ ৷ উল্লেখ্য যে, সাংস্কৃতিক শোভাযাত্ৰাত আজি ময়ুৰপংখী ৰথেৰে নৱ-নিৰ্বাচিত সভাপতিগৰাকীক আদৰি অনাৰ পাচতে অনুষ্ঠিত হয় এই মুকলি সভা(Asom Sahitya Sabha Narayanpur) ৷
ভাষণ প্ৰসংগত সাহিত্য সভাই সন্মুখীন হৈ অহা বিভিন্ন সমস্যা আৰু সেইবোৰৰ সমাধানৰ পৰিকল্পনাৰ কথা উল্লেখ কৰে সভাপতি সূৰ্যকান্ত হাজৰিকাই ৷ বিভিন্ন গৱেষণাৰ বাবে উপযুক্ত হোৱাকৈ এটা আধুনিক পুথিভঁৰাল নিৰ্মান কৰিব পাৰি নেকি সেই সম্পৰ্কেও চিন্তা-চৰ্চা কৰাৰ কথা উল্লেখ কৰে তেখেতে ৷
আনহাতে, মুকলি সভা অনুষ্ঠিত হৈ থকাৰ সময়তে সাহিত্য সভাৰ বাকৰিত সৃষ্টি হয় এক অনাকাংক্ষিত পৰিস্থিতিৰ ৷ নিৰ্জনতাৰ সুযোগ গ্ৰহণ কৰি কটকটীয়া আৰক্ষী বেষ্টনিৰ মাজতো 4 নম্বৰ পাৰ্কিঙৰ পৰা চোৰে এখন গাড়ীৰ গ্লাছ ভাঙি লৈ গ’ল নগদ ধন আৰু DSLR কেমেৰা(Theft in Asom Sahitya Sabha conference) ৷ গুৱাহাটীৰ পৰা অহা মিণ্টু কলিতা নামৰ লোকজনৰ AS 12 N 6213 নম্বৰৰ বাহনখনত সংঘটিত হয় চুৰিকাণ্ড ৷
ইয়াৰ পাচতে সাহিত্য সভাৰ বাকৰিত পকেটমাৰক কেন্দ্ৰ কৰি লাগিল হৈ-চৈ ৷ এটা পকেটমাৰক হাতে-লোটে একাংশ লোকে ধৰি গতাই দিলে আৰক্ষীক ৷ উল্লেখ্য যে, বিগত দিনকেইটাত অধিৱেশনলৈ অহা বহুলোকে টকা-পইচাৰ লগতে হেৰুৱাব লগা হৈছিল নিজৰ লগত অনা বিভিন্ন মূল্যবান সামগ্ৰী ৷
লগতে পঢ়ক: Asom Sahitya Sabha conference: ময়ুৰপংখী ৰথেৰে আদৰি অনা হ’ল নৱ-নিৰ্বাচিত সভাপতি সূৰ্যকান্ত হাজৰিকাক