A quest of Nectar:বৰপেটাত বশিষ্ঠ দেৱ শৰ্মাৰ জীৱন ভিত্তিক তথ্য চিত্ৰ প্ৰদৰ্শন

By

Published : Mar 26, 2023, 10:33 PM IST

thumbnail

বৰপেটা, ২৬ মাৰ্চঃ বৰপেটাৰ হেৰিটেজ ফাউণ্ডেচনৰ সহযোগত আৰু গুৱাহাটীৰ কাদম্বৰী ক্ৰিয়েচনৰ উদ্যোগত নিৰ্মিত অসম চৰকাৰৰ শংকৰদেৱ বঁটা প্ৰাপক বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ জীৱন ভিত্তিক তথ্য চিত্ৰ "অমৃত সন্ধান"(A quest of Nectar)শনিবাৰে বৰপেটাত প্ৰদৰ্শন কৰা হয় । বৰপেটাৰ প্ৰমোদ দাসে পৰিচালনা কৰা এই তথ্য চিত্ৰখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে (Documentary on life of Bashishtha Dev Sharma)।  

বৰপেটা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত এই অনুষ্ঠানত জিলাখনৰ বিভিন্ন প্ৰান্তৰ ৰাইজে উপস্থিত হৈ তথ্য চিত্ৰখন উপভোগ কৰে । তথ্যচিত্ৰখনত সত্ৰীয়াগৰাকীৰ জীৱনৰ বিভিন্ন দিশৰ লগতে সত্ৰীয়া সংস্কৃতিলৈ আগবঢ়োৱা তেওঁৰ অৱদান বিশদভাৱে উপস্থাপন কৰা হৈছে । এই তথ্যচিত্ৰ প্ৰদৰ্শন কৰা অনুষ্ঠানটোৰ লগত সংগতি ৰাখি ভাৰতৰ বিভিন্ন ঠাইত প্ৰদৰ্শিত বহু চৰ্চিত প্ৰমোদ দাসৰ "হনুমান সাগৰ বান্ধা চাউ"নামৰ নাটখনো প্ৰদৰ্শন কৰা হয় ।

লগতে পঢ়ক:Rahul Gandhi disqualify issue: লোকসভাৰ বাহিৰতো ৰাহুল গান্ধীয়ে মিছা কথা কয়; ৰামেশ্বৰ তেলী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.