MP Dilip Saikia: বিধায়ক দূৰ্গা দাস বড়ো সমষ্টিত নথকা বাবে উন্নয়ন স্থবিৰ: সাংসদ দিলীপ শ‌ইকীয়া - মাইনাও চৌৰাং বিথাংখী আঁচনি

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Aug 25, 2023, 8:37 PM IST

ওদালগুৰি, ২৫ আগষ্ট: ওদালগুৰি জিলাৰ কলাইগাঁও সমষ্টিৰ বিধায়ক দূৰ্গা দাস বড়োৰ বিৰুদ্ধে সৰৱ হৈ সাংসদ দিলীপ শ‌ইকীয়াই বিধায়কগৰাকী সমষ্টিত নথকা বাবে উন্নয়ন স্থবিৰ হোৱা বুলি কয় । তেওঁ কয় যে সপ্তাহত মাত্ৰ এদিন সমষ্টিত থাকিয়েই দিছপুৰৰ পৰা সমষ্টি চলাই বিধায়কগৰাকীয়ে। দিগন্ত বৰুৱাই ১৫টা চি চি ব্লক ৰাস্তা কৰিছে । উল্লেখযোগ্য যে বিটিচি চৰকাৰৰ সপোনৰ আঁচনি "মাইনাও চৌৰাং বিথাংখী"ৰ চেক বিতৰণ কৰি সাংসদ দিলীপ শ‌ইকীয়াই এই অভিযোগ উত্থাপন কৰে ।

শুকুৰবাৰে বিটিআৰ চৰকাৰৰ তৰফৰ পৰা কলাইগাঁও উন্নয়ন খণ্ডৰ অধীনত মহিলা সবলীকৰণৰ লক্ষ্যৰে মহিলা গোটসমূহক এই চেক বিতৰণ কৰা হয় । কলাইগাঁও জনমঞ্চ প্ৰাংগণত প্ৰায় ১৩৫ টা গোটক ২৫ হাজাৰকৈ টকাৰ চেক বিতৰণ কৰা হয় । এই সভাত সাংসদ দিলীপ শ‌ইকীয়াৰ উপস্থিতিত মহিলাৰ গোট সমূহক চেক বিতৰণ কৰা হয় । সভাখনত কলাইগাঁও উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াৰ লগতে বিজেপি দল জিলাৰ সভাপতি প্ৰমূখ্যে মুদৈবুড়ী পৰিষদীয় সমষ্টিৰ বিজেপি দলৰ নেতা কৰ্মীসকল উপস্থিত থাকে ।  বিটিচি পাৰিষদ দিগন্ত বৰুৱাও বিধায়ক দূৰ্গা দাস বড়োৰ বিৰুদ্ধে সৰৱ হৈ পৰে ।

লগতে পঢ়ক:3 people Missing: পৰশুৰামকুণ্ডত সন্ধানহীন একেটা পৰিয়ালৰে তিনি সদস্য

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.