Mughal History controversy: মোগলৰ ইতিহাস থাকিব নালাগে: দিগন্ত কলিতা - mughal empire

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 5, 2023, 12:29 PM IST

Updated : Apr 5, 2023, 12:57 PM IST

গুৱাহাটী, 5 এপ্ৰিল : অব্যাহত আছে 'মোগল' বিতৰ্ক । মোগলৰ অধ্যায় পাঠ্যপুথিত থাকোতে যিমান চৰ্চা হোৱা নাছিল তাতকৈ বহু বেছি চৰ্চা হৈছে পাঠ্যপুথিৰ পৰা আঁতৰোৱাৰ পাছত (exclusion of mughal empire from ncert syllabus) । অসম বিধানসভাৰ বাজেট অধিৱেশনৰ বুধবাৰৰ দিনটোতো বিধানসভা চৌহদত মোগলৰ প্ৰসংগ বিশেষভাৱে চৰ্চাত থাকে । এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত বিজেপি বিধায়ক দিগন্ত কলিতাই কয় যে কংগ্ৰেছে কৰিব নোৱাৰা কামটো সাহসিকতাৰে বিজেপিয়ে কৰিছে । মোগলৰ নাম আঁতৰ হ'ব লাগে বুলি উল্লেখ কৰি তেওঁ কয় যে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ বীৰসকলৰ নাম পাঠ্যপুথিত সন্নিবিষ্ট কৰিব লাগে ৷

এন চি ই আৰ টিৰ পাঠদান সন্দৰ্ভত একো ক’বলৈ নাযাওঁ বুলি সদৰী কৰি তেওঁ কয় যে মোগল সাম্ৰাজ্যৰ ইতিহাস আঁতৰ কৰিব লাগে । পাঠ্যপুথিত ৰামায়ণ, মহাভাৰতৰ দৰে কাব্যৰ বিষয়ে সন্নিবিষ্ট কৰিব লাগে বুলি তেওঁ মন্তব্য কৰে । বিভিন্ন ৰজা-মহাৰজাৰ বিষয়ে নৱপ্ৰজন্মক অৱগত কৰাব লাগে । কেন্দ্ৰীয় চৰকাৰে নিশ্চয়কৈ সঠিক সিদ্ধান্ত ল'ব । বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে তাজমহল আৰু কুতুবমিনাৰ ভাঙি মন্দিৰ নিৰ্মাণ কৰিব লাগে কৰা মন্তব্য সন্দৰ্ভত তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ বিপৰীতে কয় যে মূল কথা হ'ল মোগলৰ ইতিহাস থাকিব নোৱাৰিব (exclusion of mughal empire controversy) ।

লগতে পঢ়ক : Rupjyoti kurmi controversial statement: তাজমহল ভাঙি মন্দিৰ বনাবলৈ এবছৰৰ দৰমহা দিব বিধায়ক ৰূপজ্যোতিয়ে

Last Updated : Apr 5, 2023, 12:57 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.