Lahowal College silver jubilee: লাহোৱাল মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী মহোৎসৱৰ অন্তিম দিন

By

Published : Jan 7, 2023, 7:00 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail
লাহোৱাল মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী মহোৎসৱৰ(Lahowal College celebrates silver jubilee)অন্তিম দিনটোত অৰ্থাৎ শনিবাৰে উলিওৱা হয় এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা ৷ সাংস্কৃতিক শোভাযাত্ৰাৰ(Lahowal College cultural rally) উদ্বোধন কৰে ডিব্ৰুগড়ৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে(DC Biswajit Pegu) ৷ ৰূপালী জয়ন্তী সামৰণি অনুষ্ঠানৰ বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাই জীপাল কৰি তোলে পৰিৱেশ ৷ শোভাযাত্ৰাত প্ৰদৰ্শন কৰা হয় অসমৰ বাৰেৰহনীয়া কৃষ্টি-সংস্কৃতি ৷ উল্লেখ্য যে ১৯৯৫ চনত প্ৰতিষ্ঠা লাভ কৰিছিল ডিব্ৰুগড় লাহোৱালৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান লাহোৱাল মহাবিদ্যালয়ে । বিয়লি অনুষ্ঠিত হ'বলগীয়া মুকলি সভাত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, শিক্ষামন্ত্ৰী ৰণোজ পেগু, আছুৰ মুখ্য উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যই ।
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.