ৰাজগড়ত ডিব্ৰুগড় জিলা বিজেপিৰ প্ৰতিবাদ - বিজেপিৰ প্ৰতিবাদ
🎬 Watch Now: Feature Video
Published : Dec 10, 2023, 3:20 PM IST
ডিব্ৰুগড়, 10 ডিচেম্বৰ : টিংখাঙৰ ৰাজগড়ত বিজেপিৰ উত্তাল প্ৰতিবাদ ৷ ঝাৰখাণ্ডৰ ৰাজ্যসভাৰ কংগ্ৰেছী সাংসদ ধীৰাজ চাহুৰ ঘৰত চলা এক অভিযানত 300 কোটি টকা উদ্ধাৰ হোৱাৰ পাছতেই দলৰ ৰাষ্ট্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে অসমৰ প্ৰতিখন জিলাতে বিজেপি কৰ্মীসকলে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷
ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ৰাজগড়তো শনিবাৰে বিজেপিৰ দলীয় কৰ্মীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদৰ সময়ছোৱাত 'কংগ্ৰেছ গ'বেক', 'ঝাৰখণ্ডৰ দুৰ্নীতিৰ বিচাৰ লাগে' 'ধীৰাজ চাহু মুৰ্দাবাদ' আদি ধ্বনিৰে পৰিবেশ উত্তাল কৰে প্ৰতিবাদকাৰীসকলে ৷
উল্লেখ্য যে যি সময়ত কংগ্ৰেছ দলে সমগ্ৰ দেশত পুনৰ দলটোক ৰাইজৰ মাজলৈ নিয়াৰ চেষ্টা কৰিছে তেনে সময়তে ঝাৰখণ্ডৰ কংগ্রেছ নেতা তথা ৰাজ্যসভাৰ সাংসদ ধীৰাজ চাহুৰ বাসগৃহকে ধৰি বিভিন্ন স্থানত অভিযান চলাই ৩০০ কোটিতকৈ অধিক ধন জব্দ কৰিছে আয়কৰ বিভাগে ৷ ইফালে লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত শাসক দল বিজেপিয়ে কংগ্ৰেছ নেতাৰ গৃহত ধন উদ্ধাৰ ঘটনাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে ৷
লগতে পঢ়ক : মৰিগাঁৱত জ্বলিল কপিল ছিবাল, ইন্দিৰা জয় সিঙৰ প্ৰতিকৃতি