Upcoming rainy season : সমাগত বাৰিষা, বানপানীৰ সৈতে মোকাবিলা কৰিবলৈ সাজু ধেমাজিৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগ

By

Published : Jun 10, 2023, 3:43 PM IST

thumbnail

ধেমাজি, 10 জুন : বানপানীৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হৈছে ধেমাজি জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগ (Dhemaji Disaster Management Department)৷ জিলাখনৰ জোনাই, চিচিবৰগাঁও, ধেমাজি আৰু গোগামুখ চাৰিটা ৰাজহ চক্ৰত আগতীয়াকৈ ৰিলিফ কেম্পৰ ব্যৱস্থা কৰা হ’ব ৷ যাৰ বাবে উক্ত অঞ্চলকেইটাৰ স্থানসমূহ চিনাক্ত কৰিছে জিলা প্ৰশাসনে ৷ শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে ধেমাজি জিলাৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ বিষয়া লোহিত গগৈয়ে (is ready to Upcoming rainy season) ৷

তেওঁ কয় যে বানাক্ৰান্তৰ বাবে প্ৰায় 119 টা ৰিলিফ কেম্পৰ ব্যৱস্থা কৰা হ’ব ৷ য’ত প্ৰায় 7000 বানাক্ৰান্তই আশ্ৰয় গ্ৰহণ কৰিব পাৰিব ৷ আনকি বানাক্ৰান্তক খাদ্য যোগানৰ বাবে বিভিন্ন খাদ্য সামগ্ৰীৰ দামো নিৰ্ধাৰণ কৰি পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰিছে ধেমাজি জিলা প্ৰশাসনে ৷

বানাক্ৰান্তক উদ্ধাৰ বাবে 17 খন স্পীড ব’ড (SPEED BOAT) সাজু কৰি ৰখা হৈছে । ইয়াৰে NDRF ৰ লগত 4 খন আৰু SDRF ৰ লগত আছে 13 বুলি মন্তব্য কৰে ধেমাজি জিলাৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ বিষয়াগৰাকীয়ে ৷

তেওঁ আৰু কয়, ‘‘পশুধনৰ বাবে খাদ্য আৰু ওখ ভেঁটি চিনাক্ত কৰা হৈছে । খোৱাপানীৰ বাবে জনস্বাস্থ্য কাৰিকৰী বিভাগক বানাক্ৰান্ত অঞ্চলত অস্থায়ী শৌচালয়, খোৱাপানী বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে ৷ মানুহ আৰু পশুধনৰ বাবে প্ৰয়োজনীয় সকলো ঔষধ ইতিমধ্যে গুৱাহাটীৰ পৰা আহি পাইছে’’ ৷

তেওঁ আৰু কয়, ‘‘এইবাৰ প্ৰয়োজনত বানপানীৰ সময়ত উদ্ধাৰ অভিযানৰ বাবে ইণ্ডিয়ান আৰ্মীৰ সহায় ল’বৰ বাবেও আগতীয়াকৈ প্ৰশাসনে আলোচনাত মিলিত হৈছে ৷ জিলাখনত স্পৰ্শকাতৰ সম্ভাব্য বানপানীৰ এলেকা চিনাক্ত কৰি মেপ প্ৰস্তুত কৰি সাজু হৈছে জিলা প্ৰশাসন’’ ৷

লগতে পঢ়ক : DC meeting in Tinsukia: পথ দুৰ্ঘটনা প্ৰতিৰোধ কৰিবলৈ সাজু তিনিচুকীয়া জিলা পথ সুৰক্ষা সমিতি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.