thumbnail

By

Published : Aug 4, 2023, 8:53 PM IST

ETV Bharat / Videos

Stay on Rahul Gandhi conviction: উচ্চতম ন্য়ায়ালয়ৰ শুনানিৰ পিচতে কংগ্ৰেছৰ পাৰভঙা উছাহ

ধেমাজি, 4 আগষ্ট : ধেমাজিত আৱতৰীয়া দীপাৱলী ৷ ব’ম ফুটাই আনন্দ উল্লাস কংগ্ৰেছৰ ৷ দেশৰ উচ্চতম ন্যায়ালয়ত কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাৰ সন্দৰ্ভত যি গোচৰ চলিছিল উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে ৰাহুল গান্ধীৰ ওপৰত আৰোপ কৰা শাস্তি স্থগিতাদেশ জাৰি কৰে ৷ ইয়াৰ পিচতেই কংগ্ৰছ কৰ্মীসকলৰ মাজত উছাহৰ ঢল বৈছে ৷ 

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধেমাজি সদৰতো ইন্দিৰা ভৱনৰ প্ৰাংগনত কংগ্ৰেছ কৰ্মীসকলে ফটকা ফুটাই আনন্দ উল্লাস কৰে ৷ ধেমাজি জিলা কংগ্ৰেছ কমিটিৰ সভাপতি মহেন্দ্ৰ বুঢ়াগোহাঁইয়ে কয় যে, দেশৰ ন্যায় ব্যৱস্থাই দেশক জীয়াই ৰাখিবলৈ বিচাৰিছে যাৰ ফলাফল স্বৰূপে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক ন্যায় প্ৰদান কৰা হৈছে  ৷ উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা ৰায় হৈছে গণতন্ত্ৰৰ জয় ৷

লগতে পঢ়ক: Stay on Rahul Gandhi conviction: উচ্চতম ন্যায়ালয়ৰ ৰায়দানক আদৰণি প্ৰদেশ কংগ্ৰেছৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.