AJYCP Protest in Dhemaji: পৌৰ কৰ বৃদ্ধিৰ বিৰুদ্ধে ধেমাজিত প্ৰতিবাদ - Dhemaji Municipality

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 21, 2023, 9:06 PM IST

ধেমাজি,২১ মাৰ্চ: ৰাজ্যৰ পৌৰ কৰ বৃদ্ধিৰ (Municipal tax hike) প্ৰসংগক লৈ ধেমাজিতো পৌৰসভা কাৰ্যালয় ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷ প্ৰতিবাদীসকলে প্ৰথমে সদৰ জিলা সমিতি কাৰ্যালয়ৰ পৰা নগৰৰ মাজেৰে সমদল কৰি আহি পৌৰ কাৰ্যালয়ত প্ৰৱেশদ্বাৰ ঠেলি বলপূৰ্বকভাৱে প্ৰৱেশ কৰি পৌৰসভাৰ কৰ বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে (AJYCP Protest in Dhemaji) ৷ 

বিজেপি চৰকাৰ হুচিয়াৰ, পৌৰ কৰ হ্ৰাস কৰক, চৰকাৰী হঠকাৰী সিদ্ধান্ত বাতিল কৰক, বিজেপি চৰকাৰ নিপাত যাওক, নগৰ পালিকা হুচিয়াৰ আদি উদাত্ত শ্লোগানেৰে ধেমাজিস্থিত পৌৰসভাৰ কাৰ্যালয় কঁপাই তোলে (AJYCP protest against municipality tax hike) ৷ প্ৰতিবাদী কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নেতা দেৱজিৎ দাসে কয় যে, চৰকাৰখন হঠকাৰী সিদ্ধান্তই জনসাধাৰণৰ মাধমাৰ শোধাব বিচাৰিছে ৷ 

এই কৰ হ্ৰাস নকৰিলে পৰৱৰ্তী সময়ত ৰাইজৰ সহযোগত পুনৰ জংগী আন্দোলন গঢ়ি তুলিব বুলিও হুংকাৰ দিয়ে ৷ একেদৰে, যুৱ ছাত্ৰ পৰিষদৰ জিলা সমিতিৰ বিষয়ববীয়া বিষ্ণু শৰ্মাই বিজেপি চৰকাৰখনক তীব্ৰ সমালোচনা কৰি কয় যে, পৌৰ আইন ১৯৫৬ ক তেওঁলোকে সন্মান জনাইছে সেয়ে এই আইনৰ মতে কৰ দিবলৈ হ’লে আগতীয়াকৈ নগৰৰ বাসিন্দাসকলৰ ৰাজহুৱা শুনানি গ্ৰহণ কৰিব লাগে (Protest against municipal tax hike) । 

কিন্তু তাকে নকৰি চৰকাৰখনে পৌৰকৰ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ যাৰ ফলত নতুনকৈ অন্তভুৰ্ক্ত হোৱা খাটি খোৱা ৱাৰ্ডৰ নাগৰিকসকল তীব্ৰ সমস্যাৰ সন্মুখীন হৈছে ৷ গতিকে চৰকাৰক স্মাৰকপত্ৰৰ জৰিয়তে পৌৰ কৰ বৃদ্ধিৰ সম্পৰ্কত ৰাজহুৱা শুনানি ল’বলৈ আহ্বান জনায় ৷ অন্যথা পুনৰ ৰাইজৰ সহযোগত আন্দোলনৰ পথ বাচি ল’ব বুলি সকীয়াই দিয়ে প্ৰতিবাদকাৰীসকলে ৷ 

লগতে পঢ়ক: Lakhimpur murder case: জালত পৰি মোমায়েকৰ তেজেৰে হাত ৰাঙলী কৰা ইমাম ছফিকুল

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.