2800 কিঃমিঃ দূৰৈত সংকটজনক অৱস্থাত চিকিৎসাধীন পুত্ৰ; সহায় বিচাৰি চিৎকাৰ পিতৃ-মাতৃৰ - Dergaon boy needs help

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Dec 19, 2023, 9:33 PM IST

গোলাঘাট, 19 ডিচেম্বৰ: দেৰগাঁৱৰ নৈ-পৰীয়া চিৰিশতিকা গাঁৱৰ এটা দৰিদ্ৰ পৰিয়াল আৰু এই পৰিয়ালটো এতিয়া বিপদত পৰিছে । গাঁওখনৰ নিবাসী ঘনকান্ত বৰাৰ হায়দৰাবাদত থকা ২২ বছৰীয়া পুত্ৰ বিকাশ বৰা যোৱা শনিবাৰে এটা দুৰ্ঘটনাত পতিত হৈ বৰ্তমান হায়দৰাবাদতে চিকিৎসাধীন হৈ আছে । বিকাশ বৰাই হায়দৰাবাদত প্ৰায় চাৰি বছৰে কৰ্মৰত হৈ আছিল । শনিবাৰে পুৱতি নিশা পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ বৰ্তমান হায়দৰাবাদৰ কটী ওচমানিয়া হস্পিতালত চিকিৎসাধীন হৈ আছে যুৱকজন । যুৱকজনৰ অৱস্থা অতিকে সংকটজনক বুলি জনা গৈছে । 

এতিয়া যুৱকজনৰ উন্নত চিকিৎসাৰ বাবে লাগে বৃহৎ পৰিমাণৰ ধন । এই খবৰৰ পিছতেই পৰিয়ালটোৰ মাজত সৃষ্টি হৈছে হাহাকাৰ অৱস্থাৰ । সেয়ে দুৰ্ভগীয়া পৰিয়ালটো কাষ চাপিছে সংবাদ মাধ্যমৰ । বিকাশ বৰাৰ মাতৃয়ে কান্দি-কান্দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাইজলৈ কাতৰ আহ্বান জনাইছে ।

চকুৰে নেদেখা দূৰণিৰ হাস্পতালত পৰি আছে পুত্ৰ, দেৰগাঁৱৰ ঘৰত বিনাইছে পিতৃ-মাতৃয়ে ৷ দুপইচা আৰ্জি ঘৰখনক আৰ্থিক সকাহ দিয়াৰ অযুত আশা লৈ এটা সংস্থাপনৰ আশাত চাৰিবছৰ পূৰ্বে দেৰগাঁৱৰ পৰা হায়দৰাবাদলৈ আহিছিল বিকাশ বৰা ৷ কিন্তু বিধিৰ কি বিপাক, যোৱা শনিবাৰে নিশা দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বিকাশ ৷ এতিয়া তেওঁ চিকিৎসাধী হৈ আছে হায়দৰাবাদৰ ওচমানিয়া হাস্পতালত ৷ লগত আছে দুজনমান সহকৰ্মী ৷ 

চিকিৎসকে কৈছে, অতি সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থকা বিকাশক সুস্থ কৰিবলৈ প্ৰয়োজন হ’ব বহু বেছি ধন ৷ কথাখিনি শুনিয়েই মূৰত সৰগভাগি পৰিছে নৈপৰীয়া চিৰিশতিকা গাঁৱত থকা বিকাশৰ পিতৃ ঘনকান্ত বৰা আৰু তেওঁৰ মাতৃৰ মূৰত ৷ ইমানবোৰ টকা ক’ৰ পৰা গোটাব ? টকা ঘটিবলৈকে 22 বছৰীয়া পুত্ৰক পঠিয়াইছিল প্ৰায় 2800 কিঃমিঃ দূৰৈত কাম কৰিবলৈ ৷

উপায়ন্তৰ হৈ তেওঁলোকে সহায় বিচাৰি কাষ চাপিছে সংবাদ মাধ্যমৰ ৷ বিকাশৰ মাতৃয়ে কান্দি কান্দি এধানি সহায় বিচাৰিছে মুখ্যমন্ত্ৰীৰ পৰা ৷ কোনো সদাশয় ব্যক্তিয়ে যদি এই পৰিয়ালটোক সহায় কৰি বিকাশৰ মাতৃৰ চকুলো মচিব খোজে তেন্তে সাধ্যানুসৰি সহায় আগবঢ়াব পাৰে ৷ দেৰগাঁৱৰ ষ্টেট বেংকৰ শাখাত যুৱকজনৰ পিতৃৰ নামত থকা AC.no 33071686795, IFSC- SBIN000204 ত আৰ্থিক সাহায্য আগবঢ়ায় পাৰিব লোকসকলে । ইচ্ছা কৰিলে ৰাইজে যুৱকজনৰ লগত হায়দৰাবাদত থকা বন্ধুৰ 6301049592 নম্বৰতো যোগাযোগ কৰিব পাৰিব ।

লগতে পঢ়ক: এটি কণমানি শিশুৰ আৰ্তনাদে কন্দুৱাইছে সকলোকে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.