শিক্ষকৰ ৰূপত বঙাইগাঁৱৰ জিলা আয়ুক্ত নৱদীপ পাঠক - inspects several schools in Bongaigaon

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 29, 2023, 1:16 PM IST

বঙাইগাঁও, 29 নৱেম্বৰ : সাধাৰণতে বিদ্যালয়ৰ শ্ৰেণীকোঠাত শিক্ষকে পাঠদান কৰাৰ দৃশ্য আমি দেখা পাওঁ ৷ কিন্তু জিলাখনৰ প্ৰশাসনৰ দিশতো প্ৰতি বিশেষ গুৰু দায়িত্ব থকা বা ব্যস্ত থকা জিলা আয়ুক্তক শিক্ষকৰ ৰূপত  আপুনি দেখা পাইছে নে ! হয়, এইবাৰ জিলা আয়ুক্তক শিক্ষকৰ ৰূপত দেখা গ’ল বঙাইগাঁৱত ৷

মঙলবাৰে বঙাইগাঁও জিলাৰ কেইবাখনো বিদ্যালয় পৰিদৰ্শন কৰে জিলা আয়ুক্ত নৱদীপ পাঠকে ৷ বিশেষকৈ জিলাখনৰ টাপাট্টাৰী আদৰ্শ বিদ্যালয় আৰু কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰে জিলা আয়ুক্তগৰাকীয়ে ৷

ইফালে টাপাট্টাৰী আদৰ্শ বিদ্যালয়ত উপস্থিত হৈ আয়ুক্তগৰাকীয়ে পাঠদান কৰিলে শ্ৰেণী কোঠাত ৷ হঠাৎ শিক্ষকৰ ৰূপত দেখা গ’ল জিলা আয়ুক্ত পাঠকক ৷ শ্ৰেণী কোঠাত ছাত্ৰ-ছাত্ৰীক গণিত আৰু ইংৰাজী বিষয়ত পাঠদান কৰিলে আয়ুক্ত পাঠকে ।

আনহাতে, আয়ুক্তগৰাকীয়ে বিদ্যালয় দুখনৰ প্ৰতিটো শ্ৰেণী কোঠা পৰিদৰ্শন কৰাৰ ওপৰিও দুয়োখন বিদ্যালয়ৰ সমস্যাসমুহৰ সন্দৰ্ভত বুজ লয় । শীঘ্ৰে সমস্যাসমুহ সমাধান কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে জিলা আয়ুক্তগৰাকীয়ে ৷

বিদ্যালয়খনৰ শিক্ষককে কয় যে, বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰি তেওঁ ভাল পালে ৷ বিদ্যালয়খনৰ সমস্যাসমূহ শীঘ্ৰে সমধানৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে জিলা আয়ুক্তগৰাকীয়ে ৷

লগতে পঢ়ক : কোনে ড্ৰাগছ ৰাখিছিল আনছেৰৰ বাসগৃহত ? 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.