Death deer recovered : গুৱাহাটী তেল শোধনাগাৰৰ ভিতৰত মৃত হৰিণা উদ্ধাৰ - Death deer recovered

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 3, 2023, 5:36 PM IST

গুৱাহাটী, ৩ আগষ্ট: গুৱাহাটীৰ নুনমাটিস্থিত গুৱাহাটী তেল শোধনাগাৰৰ ভিতৰত বুধবাৰে নিশা এটা মৃত হৰিণা উদ্ধাৰ কৰা হয় ৷ গুৱাহাটী শোধনাগাৰৰ ভিতৰত মৃত অৱস্থাত হৰিণাটো পৰি থকাটো কেইজনমান লোকৰ দৃষ্টি গোচৰ হয়। লগে লগে তেওঁলোকে নাৰেংগী বন সংমণ্ডলৰ কাৰ্যালয়ত অৱগত কৰে ৷ 

কিছু সময়ৰ পিচত সেই স্থানত নাৰেংগী খণ্ড বন বিষয়া অসীম দাসৰ নেতৃত্বত এটা বন বিভাগৰ দল উপস্থিত হৈ মৃত হৰিণাটো উদ্ধাৰ কৰি কাৰ্যালয়লৈ লৈ আনে। বুকুত আঘাতৰ চিন থকা মৃত হৰিণাটোক গুৱাহাটী শোধনাগাৰ কৰ্তৃপক্ষই কুকুৰে কামুৰি হত্যা কৰা বুলি দাবী কৰে ৷ 

ইয়াৰ বিপৰীতে বন বিভাগে কোনো দুষ্কৃতীকাৰীয়ে বিষ খুৱাই হৰিণাটোক হত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে । পিচত বন বিভাগে মৃত হৰিণাটোৰ শৱটো মৰণোত্তৰ পৰীক্ষাৰ বাবে অসম ৰাজ্যিক চিৰিয়াখানা হাস্পাতাললৈ প্ৰেৰণ কৰে।

লগতে পঢ়ক: Japanese Encephalitis: শিৱসাগৰত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত তিনিজনৰ মৃত্যু

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.