Mathuradas Budha Aata: বৰপেটাত মথুৰাদাস বুঢ়া আতাৰ তিৰোভাৱ তিথি পালন

By ETV Bharat Assamese Team

Published : Oct 3, 2023, 10:54 PM IST

thumbnail

বৰপেটা,৩ অক্টোবৰ: মঙলবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হয় মথুৰাদাস বুঢ়া আতাৰ তিৰোভাৱ তিথি ৷ শ্ৰীমন্ত শংকৰ-মাধৱ দুজনা গুৰুৰ পিছতেই বৰপেটাৰ সত্ৰীয়া ব্যৱস্থাত অধিক মান্যতা প্ৰদান কৰা হয় মহাপুৰুষ মাধৱদেৱৰ প্ৰিয় শিষ্য, তিনিও ৰাজ্যৰ বন্দনীয় থান বৰপেটা সত্ৰৰ প্ৰথমগৰাকী সত্ৰাধিকাৰ শ্ৰীশ্ৰীমথুৰাদাস বুঢ়া আতাক ৷  

মাধৱদেৱ মহাপুৰুষে স্থাপন কৰা বৰপেটা সত্ৰক পূৰ্ণতা প্ৰদানেৰে আধুনিক সমাজ ব্যৱস্থা গঢ় দিওঁতা মথুৰাদাস বুঢ়া আতাৰ নিজস্ব চিন্তাৰে বৰপেটা সত্ৰ ব্যৱস্থাত হাটীয়াৰ পুজিৰে বেংক ব্যৱস্থাৰ আৰম্ভণি, চৰু ভঁৰাল স্থাপনৰ জৰিয়তে খাদ্য নিগম ব্যৱস্থাৰ সূত্ৰপাত ঘটাই সত্ৰবাসী লোকসকলে যাতে প্ৰয়োজনত ঋণ লাভ কৰে আৰু ভকত বৈষ্ণৱে খাদ্যৰ সমস্যাত পৰিব নালাগে তেনে এক ব্যৱস্থা গঢ়ি তুলিছিল ৷ তাৰোপৰি সত্ৰৰ সত্ৰাধিকাৰজনা পুৰুষাণুক্ৰমিক নহৈ সত্ৰবাসীৰ দ্বাৰা নিৰ্বাচন কৰাৰ পৰম্পৰা সৃষ্টিৰে গণতান্ত্ৰিক ধ্যান ধাৰণাৰো জন্ম দিয়া মথুৰাদাস বুঢ়া আতাৰ তিৰোভাৱ তিথি মহোৎসৱ ।

সত্ৰত ৫ দিনীয়া কাৰ্যসূচীৰে পালন কৰা হৈছে ৷ বৃন্দাবনী বস্ত্ৰ নিৰ্মাণৰ মুখ্য তাঁতী, গণতান্ত্ৰিক বিধি ব্যৱস্থাৰ প্ৰৱৰ্তক, গুৰু ভক্তিৰ শ্ৰেষ্ঠতম নিদৰ্শনকাৰী মথুৰাদাস বুঢ়া আতাৰ তিৰোভাৱ তিথি উপলক্ষে পাঁচদিনীয়াকৈ পালন কৰা কীৰ্তন মহোৎসৱৰ আজি মুল সবাহ অনুষ্ঠিত হৈছে ৷ বুঢ়া আতাৰ তিৰোভাৱ তিথি মহোৎসৱৰ মুল সবাহ উপলক্ষে ভকত বৈষ্ণৱ আৰু আইসকলৰ পুৱাৰ প্ৰসংগৰ সামৰণিৰ পিছত সত্ৰৰ বংশৰা আৰু গায়ন-বায়নে সত্ৰৰ গুৰু আসনৰ সন্মুখত গুৰুঘাট বজাই খোল প্ৰসংগ কৰাৰ লগতে ভোজন ব্যৱহাৰ নাটৰ এটা অংক পৰিৱেশন কৰে ৷

লগতে পঢ়ক: Indian icon award: সমাজকৰ্মী খগেন বৰালৈ ‘ইণ্ডিয়ান আইকন বঁটা’

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.