ETV Bharat / state

কংগ্ৰেছ ত্যাগ কৰিলে কোন দলত যোগ দিব শ্বেৰমান আলী আহমেদে ! - MLA Sherman Ali Ahmed - MLA SHERMAN ALI AHMED

MLA Sherman Ali Ahmed: বিতৰ্ক আৰু চৰ্চাৰ মাজত থকা কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদৰ সৈতে ই টিভি ভাৰত, অসমৰ ব্যুৰ' চীফ প্ৰশান্ত কুমাৰ বৰুৱাৰ বিশেষ সাক্ষাৎকাৰ । বিধায়ক পদ ত্যাগ নকৰা প্ৰসংগৰ পৰা আৰম্ভ কৰি মিঞা ৰাজনীতিলৈ... আজমলৰ পৰা অখিল গগৈলৈকে... কি ক’লে নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদে ৷

MLA Sherman Ali Ahmed
কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীৰে বিশেষ সাক্ষাৎকাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Sep 21, 2024, 11:07 PM IST

গুৱাহাটী, ২১ ছেপ্টেম্বৰ: অসমৰ ৰাজনীতিত প্ৰায়ে চৰ্চা আৰু বিতৰ্কৰ শীৰ্ষত থকা এগৰাকী বিধায়ক শ্বেৰমান আলী আহমেদ । কেতিয়াবা যদি তেওঁ মিঞা মিউজিয়ামৰ কথা কৈ বিতৰ্কলৈ আহে, কেতিয়াবা নিজৰ সমষ্টিত ঠিকাদাৰক ধমকি দি আহে বিতৰ্কলৈ ৷ উচ্চ পদস্থ বনবিষয়াৰ পদ ত্যাগ কৰি প্ৰথমেই ৰাজনীতিত প্ৰৱেশ কৰি এ আই ইউ ডি এফৰ পৰা বাঘবৰ সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত হয় ২০১১ চনত ।

২০১৬, ২০২১ত কংগ্ৰেছ দলৰ পৰা বাঘবৰৰ পৰাই পুনৰ বিধায়ক ৰূপে নিৰ্বাচিত হয় । কিন্তু কংগ্ৰেছ দলৰ পৰা নিলম্বিত হ’ব লগা হয় শ্বেৰমান আলী আহমেদ । কংগ্ৰেছৰ পৰা নিলম্বিত হ’লেও এতিয়াও তেওঁ বিধায়ক পদ ত্যাগ কৰা নাই ৷ শ্বেৰমান আলী আহমেদৰ সৈতে ইটিভি ভাৰত, অসমৰ ব্যু'ৰ চীফ প্ৰশান্ত কুমাৰ বৰুৱাৰ এক বিশেষ সাক্ষাৎকাৰ ।

কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীৰে বিশেষ সাক্ষাৎকাৰ (ETV Bharat Assam)

ৰাজনৈতিক প্ৰমূল্যবোধত বিশ্বাস নকৰে নেকি বিধায়ক শ্বেৰমান আলী আহমেদে ? উচ্চ ন্যায়ালয়ৰ মজিয়া পালেগৈ কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদৰ পদ খাৰিজ প্ৰসংগ । কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদে বিধায়ক পদ ত্যাগ কৰিব কেতিয়া ? ৰাজনৈতিক প্ৰমূল্যবোধ ৰক্ষা কৰি এতিয়াও কিয় বিধায়ক পদ ত্যাগ কৰা নাই শ্বেৰমান আলীয়ে ?

  • কংগ্ৰেছলৈ ঘূৰি আহিবলৈ সাজু শ্বেৰমান আলী ৷ কিন্তু তেওঁৰ আছে ৩টা চৰ্ত । কি সেই তিনিটা চৰ্ত ?
  • আজমল অপৰিপক্ক । আজমলৰ ভাতৃ চিৰাজুদ্দিন আজমল ৰাজনৈতিক নেতা হিচাবে গৰুৰ গোৱৰ (Cow dang) ৷ এইদৰে কিয় ক’লে শ্বেৰমানে ?
  • এইবাৰ ২০২৬ৰ নিৰ্বাচন খেলিব কোন দলৰ পৰা ? কেজৰিৱাল নে অখিল গগৈৰ কাষ চাপিব শ্বেৰমান আলী ? ৰাইজৰ দল নে আপত যোগদান কৰিব শ্বেৰমান আলীয়ে ?
  • কিয় অসম জাতীয় পৰিষদত যোগদান নকৰে শ্বেৰমান আলীয়ে ?
  • “অখিল গগৈৰ মাজত মই আশা দেখিছো উজনি-নামনি-মধ্য, হিন্দু-মুছলমান-বৌদ্ধ, মিঞা-অসমীয়া সকলোকে একত্ৰিত কৰি সকলোৰে মাজত ঐক্যৰ সেতু সৃষ্টি কৰিব । আহোম ৰজাৰ পদাংক অনুসৰণ কৰি সকলোকে এক কৰি আগবাঢ়িব পৰাৰ ক্ষমতা আছে অখিল গগৈৰ ।” - কিয় অখিল গগৈক উচ্চ প্ৰশংসা বাঘবৰৰ বিধায়কজনৰ ?
  • কথাই প্ৰতি কিয় মিঞা প্ৰসংগ আনে শ্বেৰমান আলীয়ে ?
  • উজনি অসমত মিঞা শ্ৰমিক নিষিদ্ধ প্ৰসংগত মিঞালোকসকললৈ কি আহ্বান শ্বেৰমান আলীৰ?
  • ৰকিবুল হুছেইনৰ কথা কিয় ইমান বেয়াকৈ ক’লে শ্বেৰমান আলীয়ে ৷
  • সৰ্বানন্দ সোণোৱালে সুযোগৰ সদব্যৱহাৰ কৰিব নোৱাৰিলে, হিমন্ত বিশ্ব শৰ্মা এজন মানসিক ৰোগীলৈ পৰিণত হৈছে বুলি কিয় ক’লে কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমানে ?
  • সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াত নোহোৱা হ’ল বাঘবৰ সমষ্টি । মন্দিয়া নে চেঙা ? কোনটো সমষ্টিৰ পৰা ২০১৬ত নিৰ্বাচন খেলিব শ্বেৰমান আলীয়ে ?

বিষয় সামৰি প্ৰশ্ন, উত্তৰ দি নিজৰ ৰাজনৈতিক পৰিকল্পনাৰ লগতে সংখ্যালঘু সমাজ-ৰাজনীতিৰ কথা ক’লে বিধায়ক শ্বেৰমান আলী আহমেদে ।

লগতে পঢ়ক: ২৪ ঘন্টাৰ বাবে শ্বেৰমান আলীক সদনৰ পৰা নিলম্বন: বিধানসভা চৌহদতে প্ৰতিবাদ আলীৰ - ASSAM ASSEMBLY AUTUMN SESSION

লগতে পঢ়ক: চপৰা-চপৰে খহিছে বেকী নৈৰ পাৰ: বহুকেইখন গাঁৱলৈ ভাবুকি - Beki river erosion in Kalgachia

লগতে পঢ়ক: কংগ্ৰেছ দলে বৰপেটাৰ আসনখন বিজেপিক এৰি দিছে : শ্বেৰমান আলী আহমেদৰ অভিযোগ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.