গুৱাহাটী,২১ ছেপ্টেম্বৰ : সোণাপুৰত শনিবাৰে বেদখলৰ বিৰুদ্ধে ওলাই আহিল খিলঞ্জীয়া জনগণ । সোণাপুৰৰ কচুতলীৰ উচ্ছেদিত লোকে আৰক্ষী প্ৰশাসনৰ লোকক কৰা আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদত আৰু ডিমৰীয়াৰ ছয়খন পঞ্চায়তত থকা সকলো বেদখলকাৰীক উচ্ছেদ কৰাৰ দাবীত আজি ডিমৰীয়াৰ বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে ।
- বেদখলকাৰীক উচ্ছেদ কৰাৰ দাবী
আনহাতে কচুতলীৰ উচ্ছেদ কাৰ্য সম্পুৰ্ণ নোহোৱালৈ ডিমৰীয়াৰ ছয়খন পঞ্চায়তৰ সীমা পুনৰ নিৰ্ধাৰণ স্থগিত কৰাৰ দাবী উত্থাপন কৰে ডিমৰীয়াৰ দল-সংগঠনে । প্ৰতিবাদকাৰীসকলে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা মানি লৈছে যদিও ডিমৰীয়াৰ ট্ৰাইবেল বেল্টৰ চৰকাৰী ভূমি সমূহৰ পৰা বেদখলকাৰীক উচ্ছেদ কৰাৰ দাবী উত্থাপন কৰে ।
- বৰঢোল,বৰতাল লৈ প্ৰতিবাদ
উল্লেখ্য যে বৰঢোল,বৰতাল লৈ বেদখলকাৰী হুচিয়াৰ ধ্বনি দি প্ৰতিবাদকাৰীসকলে বিক্ষোভ প্ৰদৰ্শন কৰে । সোণাপুৰৰ কচুতলীত সাময়িকভাৱে বন্ধ হৈ আছে উচ্ছেদ অভিযান । অহা ৩০ ছেপ্টেম্বৰলৈ কচুতলীত প্ৰশাসনে চলাব নোৱাৰিব উচ্ছেদ অভিযান। গুৱাহাটী উচ্চ ন্যায়ালয়ে উচ্ছেদত বাধা প্ৰদান কৰিছে ।
ন্যায়ালয়ে উচ্ছেদ বন্ধ কৰাৰ নিৰ্দেশ প্ৰদানৰ পিছতে আজি বেদখলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় খিলঞ্জীয়া লোকে । বেদখলকাৰীৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় লোকে । হাতে হাতে বৰঢোল, বৰতাল লৈ প্ৰতিবাদ সাব্যস্ত কৰা প্ৰতিবাদকাৰীসকলে দাবী কৰে যে চৰকাৰী সংৰক্ষিত জনজাতীয় এলেকাত থাকিব নোৱাৰিব আন লোক । জনজাতীয় এলেকাত বাস কৰা আন শ্ৰেণীৰ হ’ব লাগিব উচ্ছেদ ।
- দুষ্কৃতিকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী
জনজাতীয় লোকৰ ভূমি দখল কৰা প্ৰতিজন লোকক উচ্ছেদৰ দাবী জনাইছে প্ৰতিবাদী খিলঞ্জীয়া জনতাই । আনহাতে, কচুতলীৰ বেদখলকাৰীক উচ্চেদ কৰিবলৈ যোৱাৰ সময়ত আৰক্ষী-প্ৰশাসনৰ ওপৰত আক্ৰমণ চলোৱা দুষ্কৃতিকাৰীৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাই প্ৰতিবাদীকাৰীসকলে । সোণাপুৰৰ ডিগাৰু গেটৰ পৰা আৰম্ভ কৰা প্ৰতিবাদী কাৰ্যসূচীৰ সামৰণি পৰে সোণাপুৰৰ জনজাতীয় লোকৰ কাৰ্যালয়ত ।