ETV Bharat / state

আদালতে নাকচ কৰিলে শংকৰজ্যোতি বৰুৱাৰ জামিন আবেদন - SANKOR JYOTI BARUAH CONTROVERSY

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

Sankor Jyoti Baruah bail request rejected: সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে প্ৰেমৰ নামত প্ৰতাৰণাৰ অভিযোগ উত্থাপন কৰিছিল এগৰাকী যুৱতী ছাত্ৰীয়ে । যাৰ বাবে ন্যায়ালয়ৰ পৰা আগতীয়া জামিনো ল’বলগীয়া হৈছিল অসমৰ অগ্ৰণী ছাত্ৰ সংগঠনৰ সাধাৰণ সম্পাদকজনে । আছুৰ সাধাৰণ সম্পাদকৰ পদ ত্যাগৰ লগতে সাধাৰণ সদস্য পদো ত্যাগ কৰিবলগীয়া হৈছিল তেওঁ ৷

Sankor Jyoti Baruah bail request rejected
আদালতে নাকচ কৰিলে শংকৰ জ্যোতি বৰুৱাৰ জামিন আবেদন (ETV Bharat Assam)

গুৱাহাটী, ২১ ছেপ্টেম্বৰ: যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে প্ৰাক্তন আছু নেতা শংকৰজ্যোতি বৰুৱা । কাৰণ আদালতে শনিবাৰে শংকৰজ্যোতি বৰুৱা জামিন আবেদন নাকচ কৰে । উল্লেখ্য যে, এগৰাকী যুৱতী ছাত্ৰীৰ সৈতে প্ৰেম-বিচ্ছেদ-প্ৰতাৰণাৰ এক বিতৰ্কত নাম সাঙোৰ খাই পৰিছিল আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ নাম । আনকি যুৱতীগৰাকীয়ে কেতবোৰ বিস্ফোৰক অভিযোগ ৰাজহুৱাভাৱে উত্থাপন কৰাৰ লগতে শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত গোচৰো ৰুজু কৰিছিল ৷ যাৰ বাবে ন্যায়ালয়ৰ পৰা আগতীয়া জামিনো ল’বলগীয়া হৈছিল অসমৰ অগ্ৰণী ছাত্ৰ সংগঠন সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকজনে ।

এই ঘটনাক লৈ সমগ্ৰ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগত ছাত্ৰ সংগঠনটোৰ স্থিতিক লৈ প্ৰশ্নও উত্থাপন হৈ আহিছিল । ইফালে ভিন্ন মহলৰ সমালোচনাৰ সম্মুখীন হৈছিল শংকৰজ্যোতি বৰুৱা ৷ তাৰ পিছতে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু সভাপতি উৎপল শৰ্মাই শংকৰজ্যোতি বৰুৱাক পৰামৰ্শ দিছিল অব্যাহতিৰ বাবে ৷ মুখ্য উপদেষ্টা আৰু সভাপতিৰ পৰামৰ্শ অনুসৰি ১৩ ছেপ্টেম্বৰত আছুৰ সাধাৰণ সম্পাদকৰ পদ ত্যাগ কৰিছিল শংকৰজ্যোতি বৰুৱাই ৷ তাৰ পিছতে বুধবাৰে অৰ্থাৎ ১৮ ছেপ্টেম্বৰত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সদস্য পদো তেওঁ ত্যাগ কৰে ৷

যুৱতী ছাত্ৰীগৰাকীয়ে প্ৰেম-বিচ্ছেদ-প্ৰতাৰণাৰ অভিযোগ তুলি শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে ভঙাগড় আৰক্ষী থানাত ৬ ছেপ্টেম্বৰত গোচৰ দিছিল । পিছত দিছপুৰ আৰক্ষী থানালৈ হস্তান্তৰ কৰা হয় এই গোচৰটো । যুৱতীগৰাকীৰ গোচৰৰ ভিত্তিত শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে আই পি চি ৩৭৬(১)/৩২৩/৩৫২/৫০৬/৩৮৬ আৰু ৩০৭ ধাৰাত গোচৰ ৰুজু হৈছিল । ইয়াৰ পাছতেই শংকৰজ্যোতি বৰুৱাই ৭ ছেপ্টেম্বৰত অন্তৱৰ্তীকালীন জামিন লাভ কৰিছিল ।

লগতে পঢ়ক: চৰ্জুন হাঞ্চেক আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব; শেহতীয়া বিতৰ্ক সন্দৰ্ভত তদন্ত কৰিব আছুৱে - AASU General Secretary in Charge

পদত্যাগৰ বাবে শংকৰজ্যোতি বৰুৱাক ধন্যবাদ জ্ঞাপন : উজনি-নামনি বিভেদ সন্দৰ্ভতো ৰাইজলৈ বিশেষ আহ্বান আছুৰ - All Assam Students Union

অৱশেষত আছুৰ পৰা অব্যাহতি ঘোষণা শংকৰজ্যোতি বৰুৱাৰ - AASU GS SANKOR JYOTI RESIGN

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.