ETV Bharat / state

প্ৰদেশ কংগ্ৰেছে ভূমিনীতি প্ৰস্তুত কৰি উত্থাপন কৰিব বিধানসভাত: সবিশেষ ক'লে ভূপেন বৰাই - APCC President Bhupen Kumar Borah - APCC PRESIDENT BHUPEN KUMAR BORAH

APCC President Bhupen Kumar Borah: উচ্ছেদ আৰু ভূমিনীতিৰ প্ৰসংগত দিছপুৰত কেইবাগৰাকী আইনজীৱি আৰু বিশিষ্ট নাগৰিকৰ সৈতে প্ৰদেশ কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ আলোচনা । বিশিষ্ট আইনজ্ঞ আৰু বিশিষ্ট ব্যক্তিসকলৰ লগত আলোচনা কৰি কংগ্ৰেছে প্ৰস্তুত কৰিব ভূমিনীতি । বিধানসভাত উত্থাপন কৰিব বিধেয়ক । চৰকাৰৰ বৈষম্যমূলক নীতি গণতন্ত্ৰৰ বাবে শুভ নহয় ।

APCC President Bhupen Kumar Borah
প্ৰদেশ কংগ্ৰেছে ভূমিনীতি প্ৰস্তুত কৰি উত্থাপন কৰিব বিধানসভাত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Sep 21, 2024, 10:59 PM IST

গুৱাহাটী,২১ ছেপ্টেম্বৰ : উচ্ছেদ প্ৰসংগত আজি প্ৰদেশ কংগ্ৰেছে দিছপুৰত কেইবাগৰাকী আইনজীৱি আৰু বিশিষ্ট নাগৰিকৰ সৈতে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় । চৰকাৰী উচ্ছেদৰ বিৰুদ্ধে কিদৰে কংগ্ৰেছ দলে ন্যায়সংগতভাৱে সৰৱ ভূমিকা পালন কৰিব পাৰে সেই সম্পৰ্কে বৈঠকত আলোচনা কৰা হয় । বৈঠকৰ অন্তত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সংবাদ মাধ্যমৰ আগত কয়, "উচ্ছেদৰ লগতে ভূমিনীতিৰ প্ৰসংগত আজিৰ আলোচনাৰ কৰা হয় । আমি চৰকাৰৰ পৰা সমগ্ৰ ঘটনা সন্দৰ্ভত শ্বেতপত্র বিচাৰিম । ইতিমধ্যে চৰকাৰৰ সিদ্ধান্তক উচ্চ ন্যায়ালয়ে অৱজ্ঞা কৰিছে । ইয়াৰ পূৰ্বেও ন্যায়ালয়ে অসমৰ মুখ্যমন্ত্রীক কেইবাবাৰো বহু কথাত সন্মতি জনোৱা নাই ।"

বৰাই লগতে কয়, "অসমত যি ভূমিনীতিৰ কথা ওলাইছে সেই সন্দৰ্ভত আমি কংগ্ৰেছ দল আৰু বিৰোধী ঐক্য মঞ্চই এটা সিদ্ধান্ত লৈছো যে অসমৰ অভিজ্ঞতা আৰু জ্ঞানেৰে গাম্ভীৰ্যপূৰ্ণ বিশিষ্ট আইনজ্ঞ আৰু বিশিষ্ট ব্যক্তিসকলৰ লগত আলোচনা কৰি আমি এখন ভূমিনীতি প্ৰস্তুত কৰিম । বিৰোধী দলপতিৰ নেতৃত্বত আমি বিধানসভাত প্ৰাইভেট মেম্বাৰ বিল হিচাপে উত্থাপন কৰিম । সেই সন্দৰ্ভত চৰকাৰে কি ব্যৱস্থা লয় আমি চাম । সেইখন কংগ্ৰেছৰ ভূমিনীতি নহয় । ৰাইজৰ হৈ প্ৰস্তুত কৰা ভূমিনীতিখন বিধানসভাত উত্থাপন কৰা হ'ব । বিধানসভাত চৰকাৰে যদি আমাৰ লগত সহমতত উপনীত হৈ সিদ্ধান্ত ল'বলৈ আগবাঢ়িব তেন্তে এক শুভ গণতান্ত্রিক পৰম্পৰা আৰম্ভ হ'ব ।" আনহাতে আমাৰ পৰামৰ্শক যদি চৰকাৰে অৱজ্ঞা কৰে তেন্তে পৰৱৰ্তী সময়ত আমাৰ চৰকাৰ হ'লে আমাৰ ভূমিনীতি কি হ'ব সেয়া ৰাইজক জনাই দিম।"

প্ৰদেশ কংগ্ৰেছে ভূমিনীতি প্ৰস্তুত কৰি উত্থাপন কৰিব বিধানসভাত (ETV Bharat Assam)

আনহাতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয়, "অসমত বৰ্তমান ৮০-৯০ টা মান ভূমি সংক্ৰান্তীয় বিবাদ চলি আছে বুলি বিভিন্ন সংগঠনে প্ৰকাশ কৰিছে । ইয়াৰ ভিতৰত যোৱা সময়ছোৱাত আমি দেখা পাইছিলো যে মিকিৰবামুনী গ্ৰাণ্টত পাৱাৰ প্ৰজেক্টৰ বাবে জনজাতীয় লোকসকলক উচ্ছেদ কৰা হৈছিল । ৰায়তী ভূমিপুত্রসকলক বঞ্চিত কৰি পাৱাৰ প্ৰজেক্ট লগোৱা হৈছিল । একেদৰে নামনি অসমতো হৈছে । সেইদৰে বিগত সময়ছোৱাত নিৰ্দ্দিষ্ট কিছুমান এলেকাত চৰকাৰে উচ্ছেদ চলোৱা দেখা গৈছে । আমি কাৰো প্ৰতি অবিচাৰ নকৰাকৈ কৰাটো বিচাৰো । অসমীয়াৰ স্বাৰ্থ নিশ্চয় সুৰক্ষিত হ'ব লাগিব । বিদেশীয়ে অসমত মাটি-বাৰী ল'ব নোৱাৰিব সেইটো নিশ্চিত কথা । অসমৰ জনগণৰ স্বাৰ্থ সুৰক্ষিত হোৱাৰ বাবে জাতীয় জীৱনৰ লগত জড়িত সকলে আমাক যিদৰে পৰামৰ্শ দিব তাক আমি সেইধৰণে বিধানসভাত উত্থাপন কৰিম ।"

বিৰোধী দলপতিগৰাকীয়ে লগতে কয়, "মুখ্যমন্ত্রী আৰু একাংশ নিউজ চেনেলে মোক ব্যক্তিগতভাৱে আক্ৰমণ কৰি আছিল যে মই উৎসাহ যোগোৱাৰ বাবে সোণাপুৰৰ ৰক্তপাত হ'ল । মই কৈছিলো যে উচ্ছেদ আইন অনুসৰি হ'ব লাগে । আইন অনুসৰি জাননী দিয়াটো জৰুৰী । মুখ্যমন্ত্রীয়ে কৈছিল যে চৰকাৰী মাটিৰ পৰা উচ্ছেদ কৰিবলৈ কোনো জাননী নালাগে । কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ে সোণাপুৰৰ উচ্ছেদ বন্ধ ৰখাৰ নিৰ্দেশ দিছে । আমি গণতন্ত্ৰ ৰক্ষা কৰিব লাগিব । বিজেপিৰ গণতন্ত্ৰ ধ্বংস কৰা চৰিত্র আমি উদঙাই দিব লাগিব । ট্ৰাইবেল বেল্ট গঠন হোৱাৰ পূৰ্বৰে পৰাই যদি তাত অজনজাতীয় লোক আছিল তেন্তে তেওঁলোকৰ ভূমিৰ অধিকাৰ আছে । সোণাপুৰৰ কচুতলিত ১৯২৩ চনৰ পট্টা ওলোৱাৰ পাছত ন্যায়ালয়ে ৰায়দান দিছে । ট্ৰাইবেল বেল্টত নতুনকৈ অহাসকলৰ ক্ষেত্রত আইনগত ব্যৱস্থা ল'ব লাগিব । চৰকাৰৰ বৈষম্যমূলক নীতি গণতন্ত্ৰৰ বাবে শুভ নহয় ।"

লগতে পঢ়ক: সোণাপুৰত খিলঞ্জীয়াৰ ৰণহুংকাৰ : বেদখলকাৰীৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদ - Sonapur Eviction Incident

১৯৪২ৰ ২০ ছেপ্টেম্বৰৰ শ্বহীদ নগৰী ঢেকীয়াজুলিৰ কাহিনীৰে : মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে শ্বহীদ উদ্যান - Swahid Nagari Dhekiajuli

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.