thumbnail

By ETV Bharat Assamese Team

Published : Sep 3, 2023, 5:17 PM IST

ETV Bharat / Videos

Dead body recovered: চাবুৱাত উৱলি যোৱা মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

চাবুৱা, 3 ছেপ্টেম্বৰ: চাবুৱাৰ জেৰাই গাঁৱৰ এখন ব্যক্তিগত চাহ বাগিচাত উৱলি যোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । জেৰাই মৌমাৰিত চাহ বাগিচাৰ মাজত মৃতদেহ প্ৰত্যক্ষ কৰে বাগিচাৰগৰাকীয়ে । জানিব পৰা অনুসৰি, মৃতদেহটো জেৰাই গাঁৱৰ ৰাজেশ ৰায় বুলি চিনাক্ত কৰা হৈছে। 

বাগিচাখনত কৰ্মৰত শ্ৰমিক আছিল ৰাজেশ । ৰাজেশে তিনিদিনৰ পূৰ্বে বাগিচাত কাম কৰি থকা সময়তে হঠাৎ সন্ধানহীন হৈ আছিল। তিনিদিনৰ পিচত দেওবাৰে মৃতদেহটো বাগিচাৰগৰাকীয়ে বাগিচাৰ মাজতে প্ৰত্যক্ষ কৰে। মৃতদেহটো উদ্ধাৰ হোৱাৰ পিচত খবৰ দিয়াত চাবুৱা আৰক্ষী বাগিচাখনত উপস্থিত হয় ৷ 

অৱশেষত ৰাজেশৰ পৰিয়ালৰ উপস্থিতিত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে । বাগিচাত কাম কৰি থকা শ্ৰমিকজন কেনেদৰে সন্ধানহীন হ’ল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷ পৰৱৰ্তী সময়তহে পোহৰলৈ আহিব সমগ্ৰ ঘটনা ৷  

লগতে পঢ়ক: Poor Road in Udalguri: সমষ্টিবাসীলৈ পিঠি দিলে নেকি বিধানসভাৰ অধ্যক্ষই ! ৰাইজে নিৰ্মাণ কৰিলে পথ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.