ETV Bharat / politics

শীৰ্ষত উজনিৰ এখন জিলা, মুখ্যমন্ত্ৰীয়ে দিলে বিজেপিৰ সদস্যভৰ্তি অভিযানৰ তথ্য - BJP Membership Drive in Assam

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Assam CM on BJP membership drive : সমগ্ৰ দেশৰ লগতে অসমতো চলি আছে বিজেপিৰ সদস্যভৰ্তি অভিযান । এই সন্দৰ্ভত বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত এক সংবাদমেলযোগে সদস্যভৰ্তি অভিযানৰ এতিয়ালৈকে বিতং তথ্য প্ৰদান কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে যে ৰাজ্য হিচাপে অসম দেশৰ ভিতৰত সদস্যভৰ্তিৰ শীৰ্ষত আছে । আনহাতে, ৰাজ্যত জিলা হিচাপে শীৰ্ষত আছে উজনিৰ এখন জিলা ।

Assam CM on BJP Membership Drive
মুখ্যমন্ত্ৰীয়ে দিলে বিজেপি সদস্যভৰ্তি অভিযানৰ তথ্য (ETV Bharat Assam)

গুৱাহাটী, ৩০ ছেপ্টেম্বৰ : 2 ছেপ্টেম্বৰৰ পৰা সমগ্ৰ দেশজুৰি ভাৰতীয় জনতা পাৰ্টীৰ সদস্যতা নৱীকৰণ আৰু নতুন সদস্যভৰ্তি অভিযান চলি আছে । ইতিমধ্যে এই অভিযানৰ প্ৰায় এটা মাহ সম্পূৰ্ণ হৈছে । এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত সোমবাৰে দলৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয়ত এখন বৈঠক অনুষ্ঠিত হয় ।

উক্ত বৈঠকত মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ কেইবাগৰাকীও দলীয় নেতাৰ সৈতে মত বিনিময় কৰে । এই বৈঠকত ৰাজ্যিক সাধাৰণ সম্পাদক পল্লৱলোচন দাস, মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ লগতে বহুকেইগৰাকী দলীয় নেতা উপস্থিত থাকে । আনহাতে, বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমক সম্বোধন কৰি সদস্যভৰ্তি অভিযান সম্পৰ্কত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ।

মুখ্যমন্ত্ৰীয়ে কয়, "এতিয়ালৈকে অনলাইনৰ জৰিয়তে ৫৩ লাখ সদস্যভৰ্তি হৈছে । ভাৰতবৰ্ষৰ হিচাপত অসম সদস্যভৰ্তিৰ ক্ষেত্ৰত শীৰ্ষত আছে । ৰাষ্ট্ৰীয় নেতৃত্বই বান্ধি দিয়া লক্ষ্যৰ ৮৫ শতাংশ অসমত সম্পন্ন হৈছে ।"

ৰাজ্যভিত্তিক সদস্যভৰ্তি অভিযান সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, "৭১ টা সমষ্টিত ৪০ হাজাৰৰ সীমা আমি অতিক্ৰম কৰিছো । জিলা হিচাপত আটাইতকৈ শীৰ্ষত আছে ডিব্ৰুগড় । বাকী জিলাসমূহেও ভাল কৰিছে । আগন্তুক দিনকেইটাত ৯০ টা সমষ্টিত ৪০ হাজাৰৰ বাবে বাকী ৰৈ যোৱা সীমাৰ লক্ষ্য পাৰ কৰিম ।"

উজনি অসম সন্দৰ্ভত তেওঁ কয়, "উজনি অসমৰ দুটা সমষ্টি বাদ দি বাকীকেইটাত ৪০ হাজাৰ পাৰ হৈছে । কোকৰাঝাৰ, ধুবুৰী, কৰিমগঞ্জ লোকসভা সমষ্টি আৰু ডিফুত আমাৰ সদস্যভৰ্তি অলপ কম হৈছে । কিছু ঠাইত অলপ নেটৱৰ্কৰ অসুবিধা আছে । মেনুৱেলী আমি এতিয়ালৈকে ধৰা নাই । অকল অনলাইন সদস্যৰ ওপৰত গুৰুত্ব দিয়া হৈছে ।"

পূৰ্বৰ আৰু বৰ্তমানৰ সদস্যভৰ্তি অভিযান সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, "২০১৯ চনত ৪২ লাখৰ ভিতৰত অনলাইন ১৮ লাখ আছিল, বাকী অফলাইন আছিল । এইবাৰ আমি অনলাইনখিনিৰ কথাহে কৈ আছো ।"

আনহাতে, চৰকাৰী চাকৰিয়ালৰ ক্ষেত্ৰত তেওঁ কয়, "চৰকাৰী চাকৰিয়াল বিজেপিৰ সদস্য হ’ব নোৱাৰে । অৱশ্যে পৰিয়ালৰ লোক হ’ব পাৰিব । লোকসভাৰ ৭৫ শতাংশ ভোটক টাৰ্গেট কৰি এইবাৰ সদস্যভৰ্তি কৰা হৈছে । ৯৫ শতাংশ পৰ্যন্ত অনলাইন সদস্যভৰ্তি কৰা হ’ব ।"

ইফালে বিজেপিয়ে ভয়-ভাবুকি প্ৰদান কৰি সদস্যভৰ্তি কৰা বুলি কংগ্ৰেছে তোলা অভিযোগৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰীয়ে কয়, "কংগ্ৰেছে কোৱাৰ দৰে ৫৫ লাখ মানুহক ভয় খুৱাই সদস্যভৰ্তি কৰাব নোৱাৰি । এজন-দুজনক ভয় খুৱাব পাৰে, কিন্তু ইমান মানুহক কেনেকৈ পাৰিব । যোৰহাট, বোকাখাত,মাকুম, টীয়ক আৰু তিতাবৰত সদস্যভৰ্তি ৪০ হাজাৰ হোৱা নাই । সভাপতি আৰু মোৰ সমষ্টিত চেঞ্চুৰী হৈছে । মোবাইলৰ সমস্যাৰ বাবে মাকুম, টীয়ক আদিত সদস্যভৰ্তিত অসুবিধা হৈছে । উপ-নিৰ্বাচন হ’বলগীয়া বিহালী, ধলাইত ৪০ হাজাৰ হৈ গৈছে ।"

লগতে পঢ়ক :সৰ্বভাৰতীয় পৰ্যায়ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ পোষকতা মুখ্যমন্ত্ৰীৰ - Assam CM on NRC
লগতে পঢ়ক :প্ৰিয়ংক খাৰ্গেক আহ্বান মুখ্যমন্ত্ৰী শৰ্মাৰ: আপুনি সংবেদনশীল হ'ব লাগে - Priyank Kharge Controversy

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.