ETV Bharat / state

বিপ্লৱ কুমাৰ শৰ্মা কমিটীৰ প্ৰতিবেদনত নাই চৰকাৰী প্ৰতিনিধিৰ স্বাক্ষৰ : অখিল গগৈ - mla akhil gogoi - MLA AKHIL GOGOI

Justice Biplab Sarma Committee report: ন্য়ায়াধীশ বিপ্লৱ শৰ্মাই দাখিল কৰা ৬ নং দফা কমিটীৰ সম্পূৰ্ণ প্ৰতিবেদন অতি সোনকালে কাৰ্যকৰী কৰাৰ দাবী বিধায়ক অখিল গগৈৰ ৷ ৬ নং দফা কমিটীৰ প্ৰতিবেদন গৃহ বিভাগক দিয়াৰ ব্যৱস্থা কৰাৰ বাবেও চৰকাৰক আহ্বান জনাই বিধায়ক গগৈয়ে ৷ তেওঁ লগতে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত চৰকাৰৰ প্ৰতিনিধিৰ চহী নথকাৰ কথা উল্লেখ কৰি প্ৰতিবেদনত চৰকাৰৰ প্ৰতিনিধিৰ চহী লৈ প্ৰতিবেদনখনক আনুষ্ঠানিকভাৱে স্বীকৃতি প্ৰদানৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায় ৷

Justice Biplab Sarma Committee report
বিপ্লৱ কুমাৰ শৰ্মা কমিটীৰ প্ৰতিবেদনত নাই চৰকাৰী প্ৰতিনিধিৰ স্বাক্ষৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Sep 30, 2024, 10:30 PM IST

কাজিৰঙা, ৩০ ছেপ্টেম্বৰ: অসম চুক্তিৰ ৬ নং দফা কমিটীৰ সন্দৰ্ভত ন্যায়াধীশ বিপ্লৱ শৰ্মাই দাখিল কৰা প্ৰতিবেদনক লৈ সোমবাৰে কাজিৰঙাত এখন সংবাদমেল সম্বোধন কৰে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ৷ শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ন্য়ায়াধীশ বিপ্লৱ শৰ্মাই দাখিল কৰা ৬ নং দফা কমিটীৰ সম্পূৰ্ণ প্ৰতিবেদন অতি সোনকালে কাৰ্যকৰী কৰাৰ দাবী জনোৱাৰ লগতে ৬ নং দফা কমিটীৰ প্ৰতিবেদন গৃহ বিভাগক দিয়াৰ ব্যৱস্থা কৰাৰ বাবেও চৰকাৰক আহ্বান জনায় ৷

বিধায়ক গগৈয়ে লগতে প্ৰতিবেদনত ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ হস্তাক্ষৰ থকাৰ বিপৰীতে চৰকাৰৰ প্ৰতিনিধিৰ চহী নথকাৰ কথা উল্লেখ কৰি এই প্ৰতিবেদনত চৰকাৰৰ প্ৰতিনিধি তথা কেন্দ্ৰীয় গৃহ সচিব সত্যেন্দ্ৰ গাৰ্গৰ চহী লৈ প্ৰতিবেদনখনক আনুষ্ঠানিকভাৱে স্বীকৃতি প্ৰদান কৰি গৃহ বিভাগক অৰ্পণ কৰাৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায় ৷

বিপ্লৱ কুমাৰ শৰ্মা কমিটীৰ প্ৰতিবেদনত নাই চৰকাৰী প্ৰতিনিধিৰ স্বাক্ষৰ (ETV Bharat Assam)

বিধায়ক গগৈয়ে লগতে এই প্ৰতিবেদন অনুসৰি অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰস্তুত কৰা ৰাজ্য চৰকাৰে কৰিবলগীয়া কামৰ তালিকা, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে কৰিবলগীয়া কামৰ তালিকা, কেন্দ্ৰীয় চৰকাৰে কৰিবলগীয়া কামৰ তালিকা প্ৰকাশ কৰে ৷ ৰাজ্য চৰকাৰে কৰিবলগীয়া ৫২ টা কাম তেনেই সাধাৰণ কাম
বুলি উল্লেখ কৰি বিধায়ক গগৈয়ে এই কামকেইটাৰ জৰিয়তে সাংবিধানিক সুৰক্ষা কৱচ দিব নোৱাৰি বুলি উল্লেখ কৰি এইকেইটা প্ৰশাসনিকভাৱে চৰকাৰে কৰিবলগীয়া কাম বুলি মন্তব্য কৰে ৷

তেওঁ লগতে কয় যে, কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে এইখন গ্ৰহণ কৰি ইয়াক কাৰ্যকৰী কৰাৰ ব্যৱস্থা কৰিব লাগে ৷ তেওঁ লগতে কয়, "অসমৰ মুখ্যমন্ত্ৰীয়ে দিয়া কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে কৰিবলগীয়া কামৰ যি তালিকা, সেই তালিকাই সাংবিধানিকভাৱে সুৰক্ষিত নকৰে অসমীয়াক ৷ বিপ্লৱ শৰ্মা কমিটীৰ পৰামৰ্শ কাৰ্যকৰী কৰিলেও অসমৰ মানুহ এশ শতাংশ সুৰক্ষিত নহ’ব ৷ অসমক মাটি, সম্পদ, সুৰক্ষিত কৰাৰ কাৰণে কোনো পৰামৰ্শ প্ৰদান নকৰিলে বিপ্লৱ শৰ্মা কমিটীয়ে ৷"

লগতে পঢ়ক: ৬ নং দফাক লৈ অখিল গগৈৰ বিস্ফোৰণ; বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনত নাই মাটিৰ সুৰক্ষাৰ কথা - ASSAM ACCORD CLAUSE 6

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.