thumbnail

By ETV Bharat Assamese Team

Published : 2 hours ago

ETV Bharat / Videos

ড্ৰাগছ সৰবৰাহকাৰীৰ ৰূপত মোল্লা - Drugs seized

কলগাছিয়া,২৯ ছেপ্টেম্বৰ: ৰাজ্যজুৰি অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান । এইবাৰ ড্ৰাগছ বিৰোধী অভিযানত আৰক্ষীৰ জালত পৰিল মোল্লা । কলগাছিয়া আৰক্ষীয়ে আটক কৰে দুই মোল্লাসহ আটক তিনি সৰবৰাহকাৰীক । এক গোপন সূত্ৰৰ পম খেদি কলগাছিয়া আৰক্ষীয়ে স্থানীয় ৰাইজৰ সহযোগত চলাইছিল অভিযান । ডিমাপুৰৰ পৰা আৰক্ষীয়ে আটক কৰে সৰবৰাহকাৰী তিনিটাক ।  

আৰক্ষীয়ে ধৃত সৰবৰাহকাৰী তিনিটাৰ পৰা দুটা চাবোনৰ বাকচত ২৫.২৩ গ্ৰাম ড্ৰাগছ জব্দ কৰাৰ লগতে AS-01-DZ-0633 নম্বৰৰ এখন বাজাজ এভেঞ্জাৰ বাইক আৰু দুটা এণ্ড্ৰ'ইড ম'বাইল জব্দ কৰে । ধৃত ড্ৰাগছ ব্যৱসায়ী তিনিটা ক্ৰমে বিজনীৰ গৰাইমাৰীৰ নাছিৰুল ইছলাম, কাৱাটিকাৰ আমিনুল ইছলাম আৰু কলগাছিয়াৰ ডিমাপুৰ গাঁৱৰ ৰাশিদুল ইছলাম বুলি জানিব পৰা গৈছে । ৰাইজে অবৈধ ড্ৰাগছ বন্ধ কৰাৰ লগতে এনে ড্ৰাগছ ব্যৱসায়ীসকলক এনকাউন্টাৰ কৰাৰ দাবী জনায় ।

লগতে পঢ়ক: ১৫.৫ কোটি টকাৰ ড্ৰাগছসহ আৰক্ষীৰ জালত দুই সৰবৰাহকাৰী

ড্ৰাগছ সেৱনকাৰীৰ জানাজাত অংশগ্ৰহণ নকৰাৰ সংকল্প ইমাম-মোল্লাৰ - Drugs Awareness Programme

গুৱাহাটীৰ পৰা ডাকযোগে মহাৰাষ্ট্ৰলৈ ড্ৰাগছৰ সৰবৰাহ - Drugs smuggling

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.