মুখ্যমন্ত্ৰীৰ আগমনৰ পূৰ্বে গোলাঘাটৰ গ্ৰন্থমেলা বাকৰি পৰিদৰ্শন জিলা আয়ুক্তৰ - গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহ

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 30, 2023, 7:52 PM IST

গোলাঘাট, 30 নৱেম্বৰ : 29 নৱেম্বৰৰ পৰা 6 ডিচেম্বৰলৈকে গোলাঘাট সমন্বয় ক্ষেত্ৰত আয়োজন কৰা হৈছে গ্ৰন্থমেলা ৷ অহা 2 ডিচেম্বৰত এই গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহৰ বাকৰিত উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে গ্ৰন্থমেলাৰ বাকৰিত আয়োজিত হ’ব লগা কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থকা সময়চোৱাত সুৰক্ষাৰ ক্ষেত্ৰত যাতে কোনোধৰণৰ সুৰুঙা থাকি নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখি বৃহস্পতিবাৰে গোলাঘাট জিলা আয়ুক্ত পি উদয় প্ৰবীণে নিজে গ্ৰন্থমেলা বাকৰিত নিজে সকলো দিশ পৰ্যবেক্ষণ কৰে ।

উল্লেখ্য যে, পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ উদ্যোগত জিলা প্ৰশাসন তথা বিভিন্ন দল সংগঠন আৰু গোলাঘাটবাসী ৰাইজৰ সহযোগত সমন্বয় ক্ষেত্ৰত আঠ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে গোলাঘাট গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহ । এই গ্ৰন্থমেলাত ৰাজ্যৰ কেইবাটাও আগশাৰীৰ পুথি প্ৰকাশনৰ লগতে বহিঃৰাজ্যৰ কেইবাটাও প্ৰকাশন গোষ্ঠীয়ে অংশগ্ৰহণ কৰিছে ।

লগতে পঢ়ক : ১৪ দিনীয়া হ’ল ৰাজ্যিক চিৰিয়াখানাত জন্মলাভ কৰা নতুন জিৰাফৰ পোৱালিটোৰ, শীঘ্ৰেই হ’ব নামকৰণ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.