DAC Election Result 2022: লখিমপুৰৰ দুটা সমষ্টিত বিজেপিৰ জয় - দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোট গণনা
🎬 Watch Now: Feature Video
বৃহস্পতিবাৰে পুৱাৰ পৰা আৰম্ভ হৈছে দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোট গণনা (DAC Election 2022 counting) ৷ লখিমপুৰৰ সাতটা সমষ্টিৰ ভিতৰত দুপৰীয়া ১১ বজালৈ দুটাকৈ সমষ্টিত বিজেপি দলে জয়লাভ কৰিছে (DAC Election 2022 counting in Lakhimpur) ৷ লখিমপুৰৰ ২০ নং বঙালমৰা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী প্ৰফুল্ল দেউৰী আৰু গাভৰু টুনিজান সমষ্টিৰ বিজেপিৰ ৰমা দেউৰীয়ে জয়লাভ কৰে ৷ লক্ষনীয়ভাৱে গাভৰু টুনিজান সমষ্টিত প্ৰতিদ্বন্দিতা কৰা দেউৰী আঞ্চলিক দল জিমছায়া পীপলচ পাৰ্টিৰ সভাপতি মহেশ দেউৰী পৰাজিত হয় ৷
Last Updated : Feb 3, 2023, 8:31 PM IST