কোনো তথ্য নোহোৱাকৈ সাধাৰণ ৰাইজক ডি ভোটাৰ সজোৱাৰ অভিযোগ

By ETV Bharat Assamese Team

Published : Dec 5, 2023, 8:39 PM IST

thumbnail

জনীয়া, ৫ ডিচেম্বৰ: চৰকাৰে কোনো তথ্য নোহোৱাকৈ সাধাৰণ ৰাইজৰ ওপৰত ভোটাৰ তালিকাত 'ডি' জাপি দিছে । এই অভিযোগ 'ডি' ভোটাৰ মঞ্চৰ সম্পাদক ফাৰুক খানৰ । আজি কলগাছিয়াত এক সংবাদমেলত তেওঁ এই অভিযোগ উত্থাপন কৰে ।

উল্লেখযোগ্য যে তাহমিনা খাতুন নামৰ এগৰাকী মহিলাক ১৯৯৭ চনৰ পৰা ভোটাৰ তালিকাত 'ডি'ত সন্নিবিষ্ট কৰিছে । মহিলাগৰাকীৰ প্ৰকৃত নাম তাহমিনা খাতুন আৰু স্বামী হায়েত আলী । কিন্তু ভুৱা তথ্যৰে শপতনামাৰ পিছত স্বামীৰ নাম খালেক বুলি সন্নিবিষ্ট হয় । পিছে ভুক্তভোগীয়ে তথ্য জনাৰ অধিকাৰ আইনত আবেদন কৰাত উত্তৰত কোনো তথ্য নাই বুলি জানিবলৈ দিয়ে । ১৯৯৮ চনত উক্ত মহিলাগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে ।  উক্ত গোচৰ নিৰ্বাচন আয়োগে সীমান্ত আৰক্ষীৰ ওচৰত প্ৰেৰণ কৰাত সীমান্ত আৰক্ষীয়ে পুনৰ প্ৰতিবেদন দাখিল কৰি তাহমিনা নেচাৰ পৰিবৰ্তে তহমিনা খাতুন বুলি উল্লেখ কৰে ।  

এনেদৰে নিৰ্বাচন আয়োগ আৰু সীমান্ত আৰক্ষীয়ে ভুল তথ্যৰ ভিত্তিত সাধাৰণ ৰাইজৰ ওপৰত হৰাশাস্তি কৰি ভোটাধিকাৰৰ পৰা বঞ্চিত কৰিছে বুলি 'ডি' ভোটাৰ মঞ্চৰ সম্পাদকজনে কয় ।

লগতে পঢ়ক:নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ দিনা NCRB প্ৰতিবেদন প্ৰকাশ কৰাক লৈ কংগ্ৰেছৰ‌ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.