thumbnail

By

Published : Mar 2, 2023, 7:15 PM IST

ETV Bharat / Videos

Tanker crashes in Jorhat: যোৰহাটত খাৰুৱা তেল ভৰ্তি টেংকাৰ দুৰ্ঘটনাগ্ৰস্ত

যোৰহাট, 2 মাৰ্চ : যোৰহাটত এখন খাৰুৱা তেল ভৰ্তি টেংকাৰ দুৰ্ঘটনাগ্ৰস্ত হৈছে (Crude oil tanker crashes in Jorhat) । ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ অঞ্চলসমূহত প্ৰৱেশ নিষিদ্ধ কৰা হৈছে । টেংকাৰখন পৰা নিগৰিছে তেল ৷ সাজু হৈ আছে অগ্নিনিৰ্বাপক বাহিনী ।

গুৱাহাটীস্থিত নুনমাটি তেল শোধনাগাৰ পৰাৰ SRN নামৰ এবিধ খাৰুৱা তেল ভৰ্তি AS_01 NC 8251 নম্বৰ টেংকাৰখন যোৰহাট জিলাৰ অজন্তা হলৰ সমীপৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বাগৰি দ খাৱৈত পৰে । দ খাৱৈত বাগৰি পৰাৰ বাবে টেংকাৰ খন পৰা দ্ৰুত গতিত তেল নিগৰিছে । ফলত দুৰ্ঘটনা হোৱাৰ আশংকা কৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত যানবাহনৰ চলাচল বন্ধ কৰি দিয়াৰ লগতে জনতাৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে ।

এই দুৰ্ঘটনাৰ পাছত ঘটনাস্থলীত নিৰাপত্তা বাহিনী মোতায়েন কৰাৰ লগতে অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী সাজু কৰি ৰখা হৈছে  । দুৰ্ঘটনাগ্ৰস্ত টেংকাৰ খনত ২৪ হেজাৰ লিটাৰ SRN নামৰ খাৰুৱা তেল মজুত আছে বুলি জানিব পৰাৰ গৈছে ।

ঘটনাৰ বিৱৰণী অনুসৰি গুৱাহাটী নুনমাটি তেল শোধানাগাৰৰ পৰা খাৰুৱা তেল ভৰ্তি টেংকাৰ খন তিনিচুকীয়া জিলাৰ ডিগবৈ তেল শোধানগাৰলৈ গৈ থকা সময়ত যোৰহাটৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ অজন্তা বাইপাছৰ সমীপত AS_03 BC 5111 নম্বৰ এখন ট্ৰেভেলাৰ গাড়ীক আগবাঢ়িবলৈ দিয়া আৰু নিদিয়াক কেন্দ্ৰ কৰি দুই বাহনৰ চালকৰ মাজত তৰ্কাতৰ্কি আৰম্ভ হয় । তেল ভৰ্তি টেংকাৰ খনৰ চলন্ত অৱস্থাতেই ট্ৰেভেলাৰ চালক আৰু তেওঁৰ সহযোগীয়ে টেংকাৰখনৰ চালকক উপৰ্যুপৰি প্ৰহাৰ কৰাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হ'বলৈ পালে বুলি টেংকাৰ চালক ইছাদুল হকে বৰ্ণনা কৰে (Tanker crashes in Jorhat) ।

আনহাতে টেংকাৰ চালকক মাৰপিট কৰি এই দুৰ্ঘটনা সংঘটিত কৰা ট্ৰেভেলাৰ খনৰ সন্ধানত যোৰহাট আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে । উল্লেখযোগ্য যে, একাংশ ট্ৰেভেলাৰ চালকে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এই স্থানত যাত্ৰী উঠোৱাক লৈ প্ৰতিযোগিতাত লিপ্ত হৈ আহিছে । ফলত এনেধৰণ ভয়াৱহ দুৰ্ঘটনা সংঘটিত কৰাত ট্ৰেভেলাৰ চালক সমূহে মুখ্য ভুমিকা গ্ৰহণ কৰাৰ গুৰুত্ব অভিযোগ উত্থাপিত হৈছে ।

লগতে পঢ়ক : Royal Bengal Tiger at Kaliabor : কলিয়াবৰত বনৰজাৰ মুক্ত বিচৰণ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.