CRPF Cricket Tournament : টীয়কত চিআৰপিএফৰ ক্ৰিকেট টুৰ্ণামেন্ট - 119 বেটেলিয়ানৰ কামাণ্ডেন্ট বিকাশ কুমাৰ সিংহা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 1, 2023, 3:54 PM IST

টীয়ক, 1 মাৰ্চ: টীয়কত ক্ৰিকেট জ্বৰ (Cricket Tournament at Teok) ৷ বুধবাৰৰ পৰা চি আৰ পি এফ (Central Reserve Police Force)ৰ যোৰহাট জিলাৰ পূব প্ৰাপ্তৰ টীয়কৰ ৰজাবাৰী খেলপথাৰত 119 বেটেলিয়ানৰ উদ্যোগত 8 দিনীয়া কাৰ্যসূচীৰে জিলাভিত্তিক এখনি ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে ৷ চি আৰ পি এফ 119 বেটেলিয়ানৰ কামাণ্ডেন্ট বিকাশ কুমাৰ সিংহই (119 Battalion Commandant Vikas Kumar Singha) ক্ৰিকেট প্ৰতিযোগিতাখনিৰ উদ্বোধন কৰে (CRPF Cricket Tournament)।

এই উদ্বোধনী অনুষ্ঠানত চি আৰ পি এফৰ 119 বেটেলিয়ানৰ ডেপুটি কামাণ্ডেন্ট ইকবাল আহমেদ, বিন্নমা জোচেফ, কোম্পানীৰ পৰিদৰ্শক মঃ মীৰ হুছেইন চহৰীয়া, টীয়ক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অজিত তেৰাং, বিশিষ্ট শিক্ষাবিদ বিভূতি ভূষণ বৰাকে প্ৰমুখ্য কৰি কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া, স্থানীয় ব্যক্তি উপস্থিত থাকি সহযোগিতা আগবঢ়ায় । ইপিনে 119 বেটেলিয়ানৰ এছিছটেণ্ট কামাণ্ডেন্ট বৰ্ষা সিঙে আঁতধৰা এই অনুষ্ঠানত বিশিষ্ট ব্যক্তিসকলক বিশেষ সম্বৰ্ধনা জনোৱাৰ লগতে এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰে উদ্যোক্তাসকলে (CRPF Cricket tournament held at Teok)।

উল্লেখযোগ্য যে এই ক্ৰিকেট টুৰ্ণামেণ্টখনৰ লক্ষ্য হৈছে সাধাৰণ জনসাধাৰণৰ লগত অসামৰিক বাহিনীৰ সম্বন্ধ অধিক সুদৃঢ় কৰা ৷ ইয়াৰ লগতে যিকোনো সমস্যা সন্মুখীন হ’লেই সাধাৰণ জনতাই যাতে বিনাদ্বিধাই অসামৰিক বাহিনী কাষ চাপিব পাৰে ৷ অনাগত দিনত এই প্ৰতিযোগিতাসমূহৰ যোগেদি গ্ৰাম্যাঞ্চলৰ ক্ৰীড়া প্ৰতিভাসমূহ উলিয়াই আনি অসমৰ বিভিন্ন প্ৰান্তত চি আৰ পি এফৰ উদ্যোগত ফুটবল, ক্ৰিকেটকে ধৰি বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতা আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি মন্তব্য উদ্যোক্তাসকলে জানিবলৈ দিছে ৷ 

এই প্ৰতিযোগিতাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় 36 টাকৈ দলে অংশগ্ৰহণ কৰিছে । অনাগত দিনত আৰু অধিক দলে প্ৰতিযোগিতাখনত যোগদান কৰাৰ সম্ভাৱনা আছে ৷ 

লগতে পঢ়ক: Boro representatives of Bangladesh in Assam: বাংলাদেশৰ বড়োমূলীয় প্ৰতিনিধিৰে বি কে ডব্লিউ এচি, ইউ বি পি অ’ৰ আলোচনা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.