Anti-drug operation in Dhubri:ধুবুৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ দম্পত্তী
🎬 Watch Now: Feature Video
ধুবুৰী, 8 আগষ্ট : ধুবুৰীৰ ধৰ্মশালা অঞ্চলত চিআৰপিএফ-আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান । বৃহৎ পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ দম্পত্তী । মঙলবাৰে ধুবুৰীৰ ধৰ্মশালা অঞ্চলত ৪৮ নং চিআৰপিএফ আৰু আৰক্ষীৰ যৌথ অভিযানত বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছসহ দম্পত্তী এটা গ্ৰেপ্তাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । এক গোপন তথ্যৰ ভিত্তিত ৪৮ নং বেটেলিয়নৰ চিআৰপিএফে স্থানীয় ধৰ্মশালা আৰক্ষী নিৰীক্ষণ চকীৰ আৰক্ষীক লগত লৈ ধৰ্মশালা অঞ্চলৰ মফিজুৰ হক নামৰ এজন লোকৰ ঘৰত অভিযান চলায় ।
অভিযানকালত মফিজুৰ হকৰ ঘৰৰ পৰা ১৫ গ্ৰাম ব্ৰাউন চুগাৰ, ২৮ টা ব্ৰাউন চুগাৰ ভৰ্তি কণ্টেইনাৰ আৰু ৮ টাকৈ ইনচুলিনসহ আন কিছু আপত্তিজনক সামগ্ৰী জব্দ কৰা হয় । উল্লেখ্য যে, দীৰ্ঘদিনে নিজ ঘৰতেই নিষিদ্ধ ড্ৰাগছৰ বেহা চলাই অহা মফিজুৰ হকৰ লগতে এই কাৰবাৰত সহযোগ কৰি অহা পত্নী খাদিজা বেগমকো গ্ৰেপ্তাৰ কৰে আৰক্ষী আৰু চি আৰ পি এফৰ অভিযানকাৰী দলটোৱে ।
বৰ্তমান ধৃত দম্পত্তীটোক জেৰা অব্যাহত ৰাখিছে ধুবুৰী আৰক্ষীয়ে । উল্লেখ্য যে, ধুবুৰীৰ ভিন্ন প্ৰান্তৰ লগতে ধৰ্মশালা অঞ্চলৰ বহু নৱ-প্ৰজন্মই এতিয়া লাহে লাহে মাৰাত্মক ড্ৰাগছৰ কৱলত পৰি নিজৰ ভৱিষ্যৎ জীৱনক অন্ধকাৰ জগতলৈ ঠেলি দিছে । তেনে সময়তে একাংশ সচেতন ৰাইজ বৰ্তমান সজাগ হৈ অহা পৰিলক্ষিত হৈছে যদিও তেওঁলোক সফল হোৱা নাই । আৰক্ষীয়ে জেৰা কৰাৰ পিচত দম্পত্তীটোৰ পৰা কি কি তথ্য উদঘাটন কৰিবলৈ সক্ষম হয় সেয়াহে সময়তহে গম পোৱা যাব ।
লগতে পঢ়ক : Awareness program against drugs : ধুবুৰীত ড্ৰাগছ বিৰোধী সজাগতা সভাৰ আয়োজন