Protest in Manikpur: মাণিকপুৰত চি পি আই এমৰ অৱস্থান ধৰ্মঘট, মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ - CPIM protest
🎬 Watch Now: Feature Video
বঙাইগাঁও, 15 জুন: বঙাইগাঁও জিলাৰ মাণিকপুৰত চিপিআই (এম) ৰ মাণিকপুৰ আঞ্চলিক সমিতিৰ উদ্যোগত তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷ উল্লেখযোগ্য যে ৰাজ্যিক সমিতিৰ নিৰ্দেশ মৰ্মে যোৱা মে’ মাহৰ পৰা জন সম্পৰ্ক অভিযান আৰম্ভ কৰি, মাণিকপুৰ অঞ্চলত বিভিন্ন সভা, সমিতি আৰু আলোচনা চক্ৰ অনুষ্ঠিত কৰি আজি অন্তিম কাৰ্যসূচী মৰ্মে তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি কেইবা দফীয়া দাবী সম্বলিত এক স্মাৰক পত্ৰ অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে দলটোৱে ৷
এই 16 দফীয়া দাবীৰ ভিতৰত পে’ট্ৰল-ডিজেল, ৰন্ধন গেছ, ঔষধকে আদি কৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰা, ৰাজহুৱা খণ্ডৰ সকলো খালী পদ পূৰণ কৰা, পুৰণা পেঞ্চন নীতি বাহাল ৰখা, চাহ শ্ৰমিকৰ মজুৰি 350 টকা আদায় দিয়া, কৃষি শ্ৰমিক আৰু শ্ৰমিকৰ বাবে পেঞ্চনৰ ব্যৱস্থা কৰা, অতিশীঘ্ৰে মাণিকপুৰত মহকুমাধিপতিক নিযুক্তি দিয়া, মাণিকপুৰ ৰাজহ চক্ৰৰ স্থায়ী কাৰ্যালয় নিৰ্মাণ কৰাকে ধৰি আন কেইবাটাও গুৰুত্বপূৰ্ণ দাবীৰে এই ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷
লগতে পঢ়ক: AASU Protest at Diphu: ডিফুত আছুৰ বিক্ষোভ কাৰ্যসূচী