Corruption in Hailakandi: আলগাপুৰত জলসম্পদ বিভাগৰ কাম-কাজত দুৰ্নীতিৰ অভিযোগ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 7, 2023, 9:22 AM IST

হাইলাকান্দি, 7 এপ্ৰিল: আলগাপুৰৰ জলসম্পদ বিভাগৰ কাম-কাজত ভয়ংকৰ দুৰ্নীতিৰ অভিযোগ ৷ আলগাপুৰ বিধানসভা সমষ্টিৰ উত্তৰ কালীনগৰত ১০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা নদীৰ খহনীয়া ৰোধৰ ব্যৱস্থা ১০ মাহো স্থায়ী নহ’ল ৷ কাম সম্পূৰ্ণ হোৱাৰ আগতেই ভাঙি পৰিছে খহনীয়া প্ৰতিৰোধ ব্যৱস্থা ৷ এই কামত ব্যাপক দুৰ্নীতি আৰু অনিয়ম হোৱাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে (Corruption in Hailakandi Water resources department) ৷

এই অনিয়ম আৰু দুৰ্নীতিৰ বিৰুদ্ধে স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ তেওঁলোকৰ অভিযোগ যে ঠিকাদাৰে দুৰ্নীতিৰে নিম্ন মানদণ্ডৰ কাম কৰাৰ বাবেই ভাঙি পৰিছে খহনীয়া প্ৰতিৰোধ ব্যৱস্থা ৷ কম সংখ্যক জিঅ’ বেগ পেলাই এই খহনীয়া প্ৰতিৰোধৰ কাম কৰা হৈছে বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷  নদীৰ পাৰৰ মাটি সঠিকভাৱে নোলোৱাকৈ পিচিচি ব্লক স্থাপন কৰা হৈছে (Scam in Hailakandi Water resources department) ৷ সেয়ে কাম সম্পূৰ্ণ হোৱাৰ আগতেই পিচিচি ব্লকৰ তলৰ মাটি বিভিন্ন ঠাইত খহিবলৈ আৰম্ভ কৰিছে (Corruption in Hailakandi) ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.