thumbnail

By ETV Bharat Assamese Team

Published : Sep 28, 2023, 9:25 AM IST

ETV Bharat / Videos

Rape allegation: আলাউদ্দিন মিস্ত্ৰীক ফাঁচী দিয়াৰ দাবীত উত্তাল হোজাই থানা; ধৰ্ষণৰ অভিযোগ

হোজাই, 28 ছেপ্টেম্বৰ : হোজাই ডন বস্কো বিদ্যালয়ত জঘন্য ঘটনা ৷ বিদ্যালয়ত কৰ্মৰত মিস্ত্ৰীৰ বিৰুদ্ধে এগৰাকী ছাত্ৰীক ধৰ্ষণ কৰাৰ ভয়ংকৰ অভিযোগ ৷ ঘটনাৰ বিৱৰণী অনুসৰি হোজাইৰ ডন বস্কো বিদ্যালয়খনৰ আন্তঃগাথঁনিৰ কাম চলি থকাৰ বাবে কেইবাজনো মিস্ত্ৰী আৰু বনুৱাক কামত নিয়োগ কৰা হৈছিল ৷ বুধবাৰে দুপৰীয়া বিদ্যালয়ৰ পাঠদান চলিৰ থকাৰ মাজতে ৫০ বছৰীয়া আলাউদ্দিন আলী নামৰ এজন মিস্ত্ৰীয়ে বিদ্যালয়খনতে অধ্যয়নৰত এগৰাকী ছাত্ৰীক ধৰ্ষণ কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপিত হয় ৷ কাকীৰ টঙিয়াত ঘৰ অভিযুক্ত আলাউদ্দিনৰ ৷ 

এই ঘটনা পোহৰলৈ অহাৰ পিচতে নিশাই হোজাই আৰক্ষী চকীত বজৰং দলৰ কৰ্মীসকলে উত্তাল পৰিৱেশৰ সৃষ্টি কৰি দোষীক ফাঁচী দিয়াৰ দাবী উত্থাপন কৰে । ইতিমধ্যে হোজাই আৰক্ষীয়ে আটক কৰিছে আলাউদ্দিন আলীক । আৰক্ষীয়ে অভিযুক্তক সোধা পোছা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: Open pit in Guwahati:গুৱাহাটীত উন্মুক্ত গাঁতে মাতিছে বিপদ: গাঁতত পৰিল মটৰচাইকেলসহ যুৱক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.