Constituency Delimitation :সমষ্টি সংৰক্ষণৰ দাবীৰে অনুসূচিত জাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ - Upcoming election

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 11, 2023, 10:52 PM IST

যোৰহাট,11 জুলাই: সমষ্টি কৰ্তন বা বিলুপ্তকৰণৰ বাবে এফালে প্ৰতিবাদ আনফালে সমষ্টি সংৰক্ষণৰ দাবীৰে প্ৰতিবাদ অব্যাহত আছে অসমৰ বিভিন্ন প্ৰান্তত ৷ দেৰগাঁও সমষ্টি সংৰক্ষণ ব্যৱস্থা পুনৰ বাহাল ৰখাৰ দাবীৰে উত্তাল প্ৰতিবাদ অনুসূচিত জাতি ছাত্ৰ সন্থাৰ। মঙলবাৰে দেৰগাঁও নাৰিকলগুৰিত অনুসূচিত জাতি ছাত্ৰ সন্থাই দেৰগাঁও বিধানসভা সমষ্টি সংৰক্ষণ ব্যৱস্থাৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ 

সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাত প্ৰাকশ পোৱা দেৰগাঁও বিধানসভা সমষ্টি সংৰক্ষণৰ ব্যৱস্থা মুক্ত কৰা কাৰ্যৰ বিৰোধিতাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । মুখ্যমন্ত্ৰী হায়-হায়,দেৰগাঁও সমষ্টিৰ পূৰ্বৰ মৰ্যদা ঘুৰাই দিয়ক,উজনি অসমৰ পাঁচ লাখ লোকৰ ভৱিষ্যতে সুৰক্ষিত হোৱাকৈ দুটাকৈ সমষ্টি অনুসূচিত জাতি লোকৰ বাবে সংৰক্ষণ ব্যৱস্থা কৰক আদি শ্ল'গানেৰে দেৰগাঁৱৰ আকাশ-বতাহ কঁপাই তোলে ছাত্ৰ সংগঠনটোৱে। দাবী সমূহ মানি নল’লে আগন্তুক সময়ত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৰ নেতা-কৰ্মীয়ে। 

লগতে পঢ়ক:Price Hike in Assam: মন্ত্ৰী ৰণজিৎ দাসৰ শৱদেহ কঢ়িয়াই অভিনৱ প্ৰতিবাদ যুৱ ছাত্ৰ পৰিষদৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.