Congress protest in Nalbari: নলবাৰীত বেলচা মাৰি মাৰি কংগ্ৰেছৰ প্ৰতিবাদ

By

Published : Aug 1, 2023, 2:21 PM IST

Updated : Aug 1, 2023, 2:58 PM IST

thumbnail

নলবাৰী, ১ আগষ্ট: অভাৱনীয় মূল্যবৃদ্ধিৰ বিৰুদ্ধে নলবাৰীত কংগ্ৰেছৰ ব্যতিক্ৰমী প্ৰতিবাদ । অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে নলবাৰী জিলা কংগ্ৰেছে সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী । চামুচ আৰু বেলচা লৈ প্ৰতিবাদ কৰিলে কংগ্ৰেছৰ নেতা-কৰ্মীয়ে । অভাৱনীয় মূল্যবৃদ্ধিৰ বিৰুদ্ধে নলবাৰী জিলা কংগ্ৰেছ সমিতিয়ে আজি নলবাৰী ৰাজীৱ ভৱনৰ পৰা প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰে । সেই সময়তে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে প্ৰতিবাদকাৰীক টানি-চোচোৰাই নিয়াত আহত হয় দুজন প্ৰতিবাদকাৰী ।

চামুচ আৰু বেলচা হাতত লৈ হিমাংশু প্ৰসাদ দাসৰ গীতটোৰ তালে তালে প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰী সকলে । নলবাৰী ৰাজীৱ ভৱনৰ পৰা মূল্যবৃদ্ধিৰ বিৰুদ্ধে তেওঁলোকৰ প্ৰতিবাদী সমদল উলিয়াই যদিও আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে প্ৰতিবাদকাৰীক টানি-চোঁচৰাই আটক কৰাত প্ৰতিবাদ আধাতে স্তব্ধ হৈ পৰে । এই প্ৰতিবাদতেই নলবাৰী জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক দিব্যজ্যোতি হালৈ আঘাতপ্ৰাপ্ত হয় ।

লগতে পঢ়ক:Gauhati High Court:গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰকৰণক মুখ্যমন্ত্ৰীৰ একপক্ষীয় সিদ্ধান্ত আখ্যা জ্যেষ্ঠ অধিবক্তাৰ

Last Updated : Aug 1, 2023, 2:58 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.