Dergaon incident : খাকী পোছাকত আৰক্ষীয়ে আসুৰিক তৃপ্তি লাভ কৰে: মীৰা বৰঠাকুৰ - Mira Borthakur on Dergaon incident
🎬 Watch Now: Feature Video
Published : Oct 28, 2023, 7:57 PM IST
যোৰহাট,২৮ অক্টোবৰ : আৰক্ষীক দোষাৰোপ কৰি শেহতীয়াকৈ দেৰগাঁৱত এজন যুৱকে আত্মহত্যা কৰিছিল । সেই ঘটনাৰ পাছতে অসম আৰক্ষীৰ ভূমিকাক লৈ বিভিন্ন মহলত প্ৰশ্ন উত্থাপন হৈছে । ইতিমধ্যে বিৰোধী দলবোৰেও অসমৰ মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক তীব্ৰ সমালোচনা কৰিছে । ইয়াৰ মাজতে শনিবাৰে মৃত অজয় দত্তৰ বাসগৃহত উপস্থিত হৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু সাংসদ গৌৰৱ গগৈৰ নিৰ্দেশত দুৰ্ভগীয়া পৰিয়ালটোক সাক্ষাৎ কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ।
সমগ্ৰ ঘটনাটোক লৈ উদ্বেগ প্ৰকাশ কৰাৰ লগতে প্ৰকৃত দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাই কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে । মীৰা বৰঠাকুৰে আৰক্ষী সঞ্চালক প্ৰধানলৈ উক্ত ঘটনা সম্পৰ্কে পত্ৰ লিখাৰ কথাও উল্লেখ কৰে । আনহাতে সাংবাদিকৰ সন্মুখত কংগ্ৰেছ নেত্ৰীগৰাকীয়ে অসম আৰক্ষীক তীব্ৰ সমালোচনা কৰি কয় যে আৰক্ষীয়ে খাকী পোছাকৰ তলত থকা আসুৰিক তৃপ্তি লৈছে । তেওঁ অভিযোগ কৰা মতে এতিয়া সাধাৰণ লোকে আৰক্ষী থানালৈ যাবলৈ ভয় কৰে । যাৰ বাবে এতিয়া চোৰ ,ডকাইত আৰু ড্ৰাগছ খোৱা লোকৰ বাবে আৰক্ষী থানা সীমাবদ্ধ নাথাকি সাধাৰণ লোকৰ বাবেও খোলা ৰাখিবলৈ আহ্বান জনায় ।
গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীয়েও কেৰেপ নকৰা হৈছে বুলি তেওঁ অভিযোগ কৰে । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ভয়াতুৰ আখ্যা দি মীৰা বৰঠাকুৰে কয় যে আৰক্ষীয়ে বৰ্তমান সময়ত মুখ্যমন্ত্ৰীক কাগজৰ বাঘৰ দৰে ব্যৱহাৰ কৰিছে । শেষত অজয় দত্তৰ পৰিয়ালটোক ন্যায় প্ৰদানৰ দাবী জনাই কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে ।
লগতে পঢ়ক :Dergaon Youth Suicide Case: অজয় দত্তৰ আত্মহত্যাৰ ঘটনাত জড়িত দোষীক কঠোৰ শাস্তিৰ দাবী মাতৃৰ