MLA Jakir Hussain Sikdar slams AIUDF: যিমান দামী চাবোনেৰে গা ধুলেও আজমলৰ গাত বিজেপি বিজেপি গোন্ধ থাকিবই - আজমল সভ্য নহয়
🎬 Watch Now: Feature Video
"আজমলৰ গাত মিত্ৰতাৰ গুণ নাই ৷ তেও সুবিধাবাদী মানুহ ৷ যোৱা নিৰ্বাচনত কংগ্ৰেছৰ লগত মিত্ৰতা নহ’লে এটা ছিটতো AIUDF নিজিকিলেহেতেন ৷ AIUDF এ আমাক কামুৰি আছে ৷ অসমৰ মুছলমান বদৰুদ্দিন আজমলৰ কৰ্মচাৰী নহয় ৷ আজমলৰ আচাৰ ব্যৱহাৰ বেয়া ৷ আজমল সভ্য নহয় ৷ বদৰুদ্দিন আজমল হতাশাত ভুগিছে ৷ আজমলে মানসিকভাৱে কষ্ট পাই আছে আৰু সেইবাবে তেওঁ ৰাজহুৱাভাৱে কিছুমান দৃষ্টিকটু আচৰণ কৰি আহিছে ৷ আজমলে কংগ্ৰেছৰ লগত থাকি কংগ্ৰেছকে ছুৰীকাঘাত কৰে ৷ আজমলে যিমান দামী চাবোনেৰে গা নুধুৱক কিয় তেওঁৰ গাত বিজেপি বিজেপি গোন্ধ থাকিবই ৷ আজমল দুৰ্বল হৈছে ৷ আজমলে অসমত চৰকাৰ গঠন কৰিব নোৱাৰে ৷" কংগ্ৰেছ দলৰ সৈতে এ আই ইউ ডি এফৰ মিত্ৰতা(Congress AIUDF alliance) প্ৰসংগত আজমলে জৰা-ফুকা মন্তব্য প্ৰদান কৰাৰ পিচতেই বৰপেটাত বুধবাৰে কংগ্ৰেছী বিধায়ক জাকিৰ হুছেইন সিকদাৰে আজমলক এইদৰে তুলাধূনা দিয়ে (MLA Jakir Hussain Sikdar slams Ajmal) ৷
Last Updated : Feb 3, 2023, 8:38 PM IST