thumbnail

By

Published : Mar 10, 2023, 10:32 PM IST

ETV Bharat / Videos

Concluded free sewing training camp at Jonai : সামৰণি পৰিল চিমেন চাপৰি গাঁও পঞ্চায়তত তিনিমহীয়া বিনামূলীয়া চিলাই প্ৰশিক্ষণ শিবিৰ

জোনাই, ১০ মাৰ্চ : চিমেন চাপৰি গাঁও পঞ্চায়তৰ উদ্যোগত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সহযোগত চিমেন চাপৰি পৰিদৰ্শন বাংলাত অনুষ্ঠিত হোৱা তিনিমহীয়া বিনামূলীয়া চিলাই মেচিন প্ৰশিক্ষণ শিবিৰৰ আজি সামৰণি পৰে (Concluded three month free sewing training camp at Simen Chapari)। চিলাই মেচিন প্ৰশিক্ষণ শিবিৰৰ সামৰণি উপলক্ষ্যে আয়োজিত অনুষ্ঠানটো সভাপতিত্ব কৰে চিমেন চাপৰি গাঁও পঞ্চায়তৰ সভাপতি ডম্বৰু কোঁৱৰে ৷

উক্ত সভাত চমকং হাইস্কুলৰ প্ৰধান শিক্ষক হৰজিৎ ৰায়চৌধুৰী, পশ্চিম চিমেন চাপৰি আদৰ্শ হাইস্কুলৰ প্ৰধান শিক্ষক অনিল বেজবৰুৱা, বিশিষ্ট সমাজকৰ্মী বীৰেন্দ্ৰ কুমাৰ ব্ৰহ্ম, চিমেন চাপৰি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা ড৹ ৰুণু গগৈ বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে ৷ লগতে মহিলাসকলৰ স্বাৱলম্বিতা আৰু আৰ্থিক স্বচ্ছলতা অৰ্জন কৰিবলৈ দক্ষতা বিকাশৰ জৰিয়তে ব্যৱসায়িকভিত্তিত নিজৰ কৰ্মজীৱন আগুৱাই নিব লাগিব বুলি বক্তব্য আগবঢ়ায় সভাপতি ডম্বৰু কোঁৱৰে ।

জানিব পৰা মতে, পহিলা ডিচেম্বৰৰ পৰা ৬ মাৰ্চলৈ অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা বিনামূলীয়া চিলাই মেচিন প্ৰশিক্ষণত ১৮০ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল । ইয়াৰে বিশেষভাৱে ২৫ গৰাকী প্ৰশিক্ষাৰ্থীক মানপত্ৰ, নগদ এহেজাৰ টকা আগবঢ়োৱা হয় ৷ লগতে আন প্ৰশিক্ষাৰ্থীসকলক সম্বৰ্ধনা পত্ৰ প্ৰদান কৰা হয় ।

অনুষ্ঠানত চিমেন চাপৰি জাতীয় বিদ্যালয়ৰ অধ্যক্ষ দেবানন্দ ফুকন, চিমেন চাপৰি শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য সুৰজিৎ নাৰ্জাৰী, বিশিষ্ট সমাজসেৱী ৰুদ্ৰ দৈমাৰী, চিমেন চাপৰি সন্মিলিত নাৰী ঐক্য বিকাশ আৰু সুৰক্ষা মঞ্চৰ সম্পাদিকা জোনমণি ৰাঈদঙীয়া প্ৰমুখ্যে কেবাগৰাকীও গণ্যমান্য ব্যক্তি অতিথি হিচাপে উপস্থিত থাকে ।

লগতে পঢ়ক : JMCH incident : JMCH কাণ্ডক লৈ প্ৰতিক্ৰিয়া, মুখ্যমন্ত্ৰীক হস্তক্ষেপ আহ্বান স্থানীয় সংগঠনৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.