Community Festival : ধেমাজি শিক্ষা খণ্ডৰ ২১ খন বিদ্যালয়ৰ সমূহীয়া প্ৰচেষ্টাত ৰাইজৰ উৎসৱ উদযাপন - Community Festival

🎬 Watch Now: Feature Video

thumbnail

By

Published : Feb 20, 2023, 9:07 PM IST

জোনাই, ২০ ফেব্ৰুৱাৰী : ধেমাজি শিক্ষা খণ্ডৰ অধীনত পূব মুক্তিয়াৰ আৰু উত্তৰ মুক্তিয়াৰ মণ্ডল সমল কেন্দ্ৰক সামৰি ২১ খন বিদ্যালয়ে মিলি সোমবাৰে উলহ-মালহেৰে 'ৰাইজৰ উৎসৱ' আয়োজন কৰে (community festival in Dhemaji) । ৰাইজৰ উৎসৱ অনুষ্ঠান উপলক্ষে বিদ্যালয়সমূহৰ পৰিচালনা সমিতি, মাতৃগোট, অভিভাৱক আৰু ৰাইজে মিলি এক বৰ্ণাঢ্য সাংস্কৃতিক শুভাযাত্ৰা উলিয়ায় (community festival in Dhemaji education block) ।

আনহাতে, বিদ্যালয়কেইখনৰ অভিভাৱকসকলৰ মাজত অনুষ্ঠিত হয় বিভিন্ন খেল-ধেমালি আৰু নৃত্যৰ অনুষ্ঠান । ইফালে সমল কেন্দ্ৰ দুটাৰ অধীনৰ ২১ খন বিদ্যালয়ৰ ২১ খন প্ৰাচীৰ পত্ৰিকাও উন্মোচন কৰা হয় (sports activities in community festival) । লগতে ৰাইজৰ উৎসৱৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা হয় হাতে লিখা আলোচনী । তাৰ উপৰি অনুষ্ঠিত হয় বস্ত্ৰমেলা । ধেমাজি শিক্ষা খণ্ডৰ অধীনস্থ পূব মুক্তিয়াৰ আৰু উত্তৰ মুক্তিয়াৰ মণ্ডল সমল কেন্দ্ৰৰ অধীনৰ এই ২১ খন বিদ্যালয়ে মিলি চিলাপথাৰৰ ৰেখা চাপৰি প্ৰাথমিক বিদ্যালয়ত এই 'ৰাইজৰ উৎসৱ'ৰ (Community Festival) আয়োজন কৰে ।

উল্লেখ্য, অসম চৰকাৰ তথা শিক্ষা বিভাগে বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰী,অভিভাৱক আৰু ৰাইজক সজাগ কৰাৰ লগতে একত্ৰিকৰণৰ জৰিয়তে বিদ্যালয়ৰ গুণগত মান উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি এই ৰাইজৰ উৎসৱৰ আয়োজন কৰিছে । যাৰ ফলত ধেমাজি জিলাৰ ব্ৰহ্মপুত্ৰৰ কাষৰীয়া ৰেখা চাপৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত ২১ খন বিদ্যালয়ৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া, মাতৃগোট, অভিভাৱক, ছাত্ৰ-ছাত্ৰী, প্রাক্তন শিক্ষাৰ্থী আৰু শিক্ষানুৰাগী ৰাইজৰ মাজত এক উদুলি-মুদুলি পৰিৱেশৰ সৃষ্টি হয় ।

আনহাতে, বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা, বিভিন্ন খেল-ধেমালি, নৃত্য প্ৰতিযোগিতা আদিত যথেষ্ট সংখ্যক অভিভাৱক আৰু ৰাইজৰ অংশগ্ৰহণে কাৰ্যসূচী সাফল্যমণ্ডিত কৰি তোলে । ইয়াৰ উপৰি "বাল্যবিবাহ নিৰ্মূলকৰণ আৰু বিদ্যালয়ৰ সামগ্ৰিক উন্নয়নত বিদ্যালয় পৰিচালনা সমিতি আৰু সংশ্লিষ্ট ৰাইজৰ ভূমিকা" বিষয়ক এটি বক্তৃতানুষ্ঠানৰো আয়োজন কৰা হয় । এই বক্তৃতা প্ৰতিযোগিতাত বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যসকলে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক :Kanailal Choudhury Award : লখিমপুৰৰ নাট্যকৰ্মী দয়াল কৃষ্ণ নাথক কানাইলাল চৌধুৰী স্মৃতি বঁটা প্ৰদান

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.