অভিশপ্ত বালিজানত আবদ্ধ কয়লাভৰ্তি ট্ৰাক - Dergaon accident
🎬 Watch Now: Feature Video
Published : Jan 6, 2024, 1:00 PM IST
গোলাঘাট,৬ জানুৱাৰী: অভিশপ্ত বালিজানত আকৌ অঘটন । ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ হৈ পৰিল কয়লাভৰ্তি ট্ৰাক । দেৰগাঁৱৰ বালিজানত অভিশপ্ত দুৰ্ঘটনাস্থলীত পুনৰ নিশা এখন ১৪ চকীয়া কয়লা পৰিবাহী ট্ৰাক নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত আবদ্ধ হৈ পৰে । কয়লা পৰিবাহী ট্ৰাক খনৰ নম্বৰ RJ-19- GH-3529 । পিছে কয়লাভৰ্তি ট্ৰাকখন আবদ্ধ হোৱাক লৈ সৃষ্টি হৈছে আন এক ৰহস্যৰ ।
ৰাজ্যৰ কয়লা সৰবৰাহ নিষিদ্ধ থকাৰ পাছতো প্ৰতি নিশা কয়লা সৰবৰাহ হৈ থকাৰ কথা প্ৰমাণিত হৈছে এই ঘটনাক লৈ । যোৱা বুধবাৰে পুৱতি নিশা এখন ১৪ চকীয়া ট্ৰাকৰ সৈতে এখন আলট্ৰা বাছৰ মুখামুখি খুন্দা মৰাৰ ফলত সমগ্ৰ দেশ কঁপাই ১২ জনকৈ লোকে নিহত হোৱাৰ লগতে প্ৰায় ৩০ জনকৈ লোক চিকিৎসাধীন হ'ব লগা হৈছিল । এই ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতেই পুনৰ নিশা কয়লা পৰিবাহী ট্ৰাক নিয়ন্ত্ৰণ হেৰুৱাই পথত আবদ্ধ হৈ পৰিব লগা দৰে ঘটনাক লৈ সৃষ্টি হৈছে ৰহস্য ।
লগতে পঢ়ক: দেৰগাঁৱৰ দুৰ্ঘটনাস্থলীত নিৰ্মাণ কৰা হ'ব এটা মন্দিৰ: ভবেন্দ্ৰনাথ ভৰালী