Chief Ministers Relief Fund:লৰিংথেপীত মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ চেক বিতৰণ - CMRF cheque distributed in Loringthepi
🎬 Watch Now: Feature Video
ডিফু, ৫মাৰ্চ: কাৰ্বি আংলং জিলাৰ লৰিংথেপীত ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ (Chief Ministers Relief Fund) এককালীন সাহাৰ্যৰ চেক শনিবাৰে প্ৰদান কৰে বিধায়ক দৰছিং ৰংহাঙে । কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ ১২ নং ফুলনি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত লৰিংথেপীস্থিত বৰছিং ৰংহাং সোঁৱৰণী ৰাজহুৱা প্ৰেক্ষাগৃহত কালি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ অধীনত এই চেক প্ৰদান কৰা হয় (CMRF cheque distributed in Karbi Anglong)।
কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নমাটি, হাওৰাঘাট, ফুলনি, লাংহিন, মহামায়া আৰু কৰকাণ্ঠি সমষ্টিৰ অন্তৰ্গত বিভিন্ন বিদ্যালয়ৰ মুঠ ২৯৩ গৰাকী ছাত্ৰ-ছাত্ৰীক পাঁচ হাজাৰ টকাকৈ এককালীন সাহাৰ্যৰ চেক প্ৰদান কৰা হয় (CMRF cheque distributed in Loringthepi)। ফুলনি মণ্ডল বিজেপি সমিতিৰ সভাপতি নৰেন বে'ৰ পৰিচালনাত অনুষ্ঠিত হোৱা এই সভাত সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে তিলক ছেত্ৰীয়ে ।
উক্ত সভাত ১৮ নং হাওৰাঘাট বিধানসভা সমষ্টিৰ বিধায়ক দৰছিং ৰংহাঙে মুখ্য অতিথি হিচাবে উপস্থিত থাকি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ এককালীন সাহাৰ্যৰ চেক প্ৰদান কৰে (MLA Darsing Ronghang at Karbi Anglong)। উক্ত অনুষ্ঠানতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ উপাধ্যক্ষ অজিত কুমাৰ দে, কাৰ্যবাহী সদস্য কাংবুৰা কিলিঙকে আদি কৰি বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকল উপস্থিত থাকে ।