CM vigilence team operation : বিশ্বজিৎ গোস্বামীৰ বাসগৃহত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান; 2 কোটিৰো অধিক নগদ ধন উদ্ধাৰ - দুৰ্নীতি নিবাৰক শাখাৰ অভিযান
🎬 Watch Now: Feature Video
চিৰাং, 22 জুলাই : ধুবুৰী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিশ্বজিৎ গোস্বামীৰ বাসগৃহত দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ অভিযান ৷ অভিযানত জব্দ বৃহৎ পৰিমানৰ ধন ৷ ধুবুৰী জিলা পৰিষদৰ কাৰ্যালয়ত অসম চৰকাৰৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই অভিযান চলোৱাৰ সমান্তৰালভাৱে শুকুৰবাৰে নিশাৰ ভাগত দলটোৱে বঙাইগাঁৱতো অভিযান চলায় ৷
নিশাৰ ভাগত অভিযানকাৰী দলটোৱে বিশ্বজিত গোস্বামীৰ বঙাইগাঁৱস্থিত বাসগৃহত তালাচী অভিযান অব্যাহত ৰাখে ৷ নিশা 8.30 বজাৰ পৰা অভিযানকাৰী দলে বঙাইগাঁও আৰু অভয়াপুৰী আৰক্ষীৰ সহযোগত বঙাইগাঁও চহৰৰ সংগ্ৰাম নিলয় নামৰ বিশ্বজিৎ গোস্বামীৰ ফ্লেটত তালাচী অব্যাহত ৰাখিছে ৷ সংগ্ৰাম নিলয় নামৰ এপাৰ্টমেণ্টৰ B1 ফ্লেটত দলটোৱে চলাই আছে অভিযান ৷ জানিব পৰা মতে, জিলা পৰিষদৰ বিষয়া গৰাকীৰ বঙাইগাঁৱস্থিত বাসগৃহত শুকুৰবাৰে নিশা চলোৱা অভিযানত উদ্ধাৰ হয় 2 কোটি 31 লাখ টকা ৷ আনহাতে বিশ্বজিৎ গোস্বামীৰ চৰকাৰী আৱাসতো অভিযান চলায় অভিযানকাৰী দলটোৱে ৷ এই ফ্লেটটো বিশ্বজিৎ গোস্বামীৰ পত্নী লিলিদেৱী গোস্বামীৰ নামত আছে বুলি জানিব পৰা গৈছে ৷ অৱশ্যে এই সন্দৰ্ভত বৰ্তমানলৈ কোনোধৰণৰ মন্তব্য দিয়াৰ পৰা বিৰত আছে অভিযোনকাৰী দলটো ৷
উল্লেখ্য যে ধুবুৰী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিশ্বজিৎ গোস্বামী আৰু সহকাৰী জিলা প্ৰকল্প সমন্বয়ক মৃণাল কান্তি সৰকাৰৰ বিৰুদ্ধে পূৰ্বৰে পৰা দুৰ্নীতিত জৰিত থকাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছিল ৷ আৰু অৱশেষত উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ হাতত গ্ৰেপ্তাৰ হ’ল দুই দুৰ্নীতিগ্ৰস্ত বিষয়া ৷
লগতে পঢ়ক : CM vigilence team operation : মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত গ্ৰেপ্তাৰ দুই চৰকাৰী বিষয়া