CM at Kaliabor: অসমবাসীৰ পৰা আশিস বিচাৰি শ্ৰীশ্ৰীকামাখ‍্যা দেৱালয়ত মুখ‍্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

By

Published : Feb 1, 2023, 4:29 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

কলিয়াবৰ, 1 ফেব্ৰুৱাৰী: "মোৰ জন্মদিনৰ দিনটোত পৰিকল্পনা কৰাতকৈ অসমবাসী ৰাইজক কৃতজ্ঞতা জনাইছো ৷ যিমান দিনৰ পৰা ৰাজনীতিত আছো অসমৰ ৰাইজে মোৰ মৰম চেনেহে উপচাই দিছে ৷ কাম কৰাৰ বাবে প্ৰেৰণা দিছে ৷ সংকল্প এটাই- মই যাতে আৰু শক্তি পাঁও , সাহস পাঁও যাতে অসমৰ ৰাইজৰ হকে কাম কৰি যাব পাৰো ৷" ওপজা দিনত কলিয়াবৰৰ শ্ৰীশ্ৰীকামাখ‍্যা দেৱালয়ত মুখ‍্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ এই মন্তব্য প্ৰকাশ কৰে (Himanta Biswa Sarma visited at Kamakhya Dewalaya) ৷  

আজি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন (CM Himanta Biswa Sarma birthday) ৷ সেয়ে ওপজা দিনটোত মা কামাখ‍্যাৰ আশিস ল'বলৈ কলিয়াবৰৰ শিলঘাটৰ লুইতৰ পাৰৰ নৈসৰ্গিক পৰিৱেশত স্থাপিত শ্ৰীশ্ৰীকামাখ‍্যা দেৱালয় দৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে (CM Himanta Biswa Sarma visited at Kaliabor) ৷ কলিয়াবৰৰ নাগশংকৰস্থিত ড৹ টি আও গ্ৰাম্য ক্ৰীড়াংগনত হেলিকপ্টাৰৰে আহি উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী। তাৰ পৰাই পোনে-পোনে শিলঘাটৰ শ্ৰীশ্ৰী কামাখ্যা দেৱালয়লৈ ৰাওনা হয় মুখ্যমন্ত্ৰীগৰাকী ।

সাংবাদিকৰ লগত হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰীগৰাকীয়ে বাজেটৰ সন্দৰ্ভত কয় যে বৃহস্পতিবাৰে এক সংবাদমেল যোগে বাজেটৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হ’ব ৷ এই বাজেটে আগন্তুক 2023-2024 বৰ্ষৰ বাজেটত অসমৰ সাধাৰণ ৰাইজলৈ আশাৰ বাতৰি কঢ়িয়াব । কেন্দ্ৰীয় বাজেটত ঘোষণা কৰা ব‍্যক্তিগত আয়কৰৰ সীমা পাঁচ লাখৰ পৰা সাত লাখলৈ বৃদ্ধি কৰটোৱে বিশেষকৈ নিম্ন-মধ‍্যশ্ৰেণীটোৰ বাবে যথেষ্ট সহায়ক হ'ব বুলি আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। অসমৰ বাজেটতো ৰাইজৰ বাবে উপকাৰী ভালেকেইটা পদক্ষেপ লোৱা হ’ব বুলি ইংগিত দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷  

উল্লেখ্য যে 1969 চনৰ 1 ফেব্ৰুৱাৰীত যোৰহাটৰ মিছন হাস্পতালত জন্মগ্ৰহণ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ তেওঁৰ পিতৃ প্ৰয়াত কৈলাশ নাথ শৰ্মা আৰু মাতৃ মৃণালিনী দেৱী । তেওঁ অসম বিধানসভাৰ জালুকবাৰী সমষ্টিৰ পৰা পাঁচবাৰকৈ - 2001, 2006 আৰু 2011 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ আৰু 2016 আৰু 2021 চনত ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল ।  শৰ্মাই 2015 চনৰ আগষ্ট মাহত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে ৷ পৰৱৰ্তী সময়ত শৰ্মাই 2016 চনৰ 24 মে’ ত কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । ২০২১ চনত তেওঁ অসমৰ মুখ্যমন্ত্ৰী ৰূপে নিৰ্বাচিত হয় ড৹ শৰ্মা ৷ ড৹ হিমন্ত বিশ্ব শৰ্মা অসমৰ পঞ্চদশ মুখ্যমন্ত্ৰী । 2021 চনৰ  10 মে'ত ড৹ হিমন্ত বিশ্ব শৰ্মাই সহযোগী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ।  

লগতে পঢ়ক: Union Budget 2023 : মধ্যবিত্তৰ বাবে বৃহৎ সকাহ : 7 লাখলৈকে আয়কৰ শূন্য

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.