thumbnail

Himanta Biswa Sarma in Jorhat: ঝুমুৰৰ তালত নাচি মুখ্যমন্ত্ৰীয়ে ক’লে মানুহৰ জীৱন কচুপাতৰ পানী

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 10:11 PM IST

যোৰহাট, 12 অক্টোবৰ : যোৰহাট লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থীগৰাকীয়ে দুই লাখৰো অধিক ভোটত জয় লাভ কৰিব ৷ বৃহস্পতিবাৰে নিশা যোৰহাট জিলা বিজেপি কাৰ্যালয়ত অনুষ্ঠিত বিজেপি কাৰ্যকৰ্তা সন্মিলনত অংশগ্ৰহণ কৰি এই মন্তব্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰী ড৹ শৰ্মাক ভাবুকি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় - ‘‘মোলৈ আমেৰিকা, পেলেষ্টাইনৰ পৰাও ভাবুকি আহে । সেয়া স্বভাৱিক ঘটনা ।’’ লগতে তেওঁ কয় যে- ‘‘আজি মণিপুৰৰ পৰিস্থিতি স্বাভাৱিক যদিও অধিক স্বাভাৱিক হ'বলৈ আৰু সময়ৰ প্ৰয়োজন হ'ব ।’’ লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই চাহ জনগোষ্ঠীয় নৃত্য শিল্পীসকলৰ সৈতে ঝুমুৰ নাচি আনন্দত মতলীয়া হোৱা দেখা গ’ল । আনহাতে মুখ্যমন্ত্ৰীগৰাকীয়ে ঝুমুৰ নৃত্য শিল্পীসকলক গুৱাহাটীলৈ আমন্ত্ৰণ জনায় । উল্লেখ্য যে, মুখ্যমন্ত্ৰীগৰাকীয়ে দুদিনীয়া ভ্ৰমণসূচীৰে যোৰহাটত উপস্থিত হয় ৷ বৃহস্পতিবাৰৰ নিশাৰ ভাগত বিভিন্ন লোকক সাক্ষাৎ কৰি শুকুৰবাৰে আগবেলা বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰি গুৱাহাটীলৈ ৰাওনা হ'ব ।

লগতে পঢ়ক: CM Himanta Biswa Sarma: তিতাবৰৰ সমস্যাৰ সন্দৰ্ভত বৰ বেছি মোৰ আইডিয়া নাই: মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.