Cleanliness drive in Dhemaji: দেৱী বিসৰ্জনৰ ঘাট পৰিস্কাৰ কৰিলে ধেমাজি আইন সেৱা প্ৰাধিকৰণে - Durge Puja 2023

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Oct 25, 2023, 7:28 PM IST

ধেমাজি,২৫ অক্টোবৰ: বিজয়া দশমীত নদীৰ ঘাটত দেৱীৰ প্ৰতিমা বিসৰ্জনেৰে অন্ত পৰিল শাৰদীয় দুৰ্গা পূজা । পিছে বিজয়া দশমীৰ পিছদিনাই ধেমাজিত দেখা গ'ল এক প্ৰশংসনীয় কাৰ্য । দেৱী বিসৰ্জন দিয়া ঘাটত আৰ্ৱজনা চাফা কৰিলে ধেমাজি আইন সেৱা প্ৰাধিকৰণে ৷ হাতে হাতে ঝাৰু লৈ চাফাই অভিযানত লাগিল ধেমাজি আইন সেৱা প্ৰাধিকৰণৰ কৰ্মচাৰীসকল ।  

বিজয়া দশমীৰ দিনটোতে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ নদীৰ ঘাট আৰু পাৰঘাটত দেৱী প্ৰতিমা বিসৰ্জন দিয়াৰ পিছতেই সৃষ্টি হল বৃহৎ পৰিমাণৰ আৰ্ৱজনা ৷ সমান্তৰালভাৱে পুজাৰ মণ্ডপৰ আশে-পাশেও পৰি ৰ'ল জাবৰ ৷ সেয়ে এই দুই স্থান নিকা কৰা উদ্দেশ্যৰে ধেমাজিতো জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত ধেমাজি নগৰৰ পূজা মণ্ডপসমূহত আৰু তেলিজান ঘাটত চাফাই অভিযান চলাই পৰিৱেশ নিকা কৰিবলৈ প্ৰয়াস কৰে কৰ্মচাৰীসকলে  ৷ আইন সেৱা প্ৰাধিকৰণৰ এই কাৰ্যক প্ৰশংসাৰে ওপচাই তুলিছে সচেতন ৰাইজে ।  

লগতে পঢ়ক: Amrit Kalash Yatra: দৰঙৰ কলহ গুৱাহাটী অভিমুখে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.