City bus employees on protest: বাছ এৰি ৰাজপথত বহিল চিটি বাছৰ মালিক-কৰ্মচাৰী - City bus employee protest in Guwahati

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 8, 2023, 7:50 AM IST

Updated : Feb 3, 2023, 8:38 PM IST

ন্যায়ৰ দাবীত পুনৰ ৰাজপথ অৱৰোধ কৰিলে গুৱাহাটীৰ চিটি বাছ চালক মালিক সন্থাই (City bus employees on protest)। পৰিবহন বিভাগে কোনো বৈধ কাৰণ অবিহনেই বিভিন্ন অজুহাত দেখুৱাই চিটিবাছ জব্দ কৰাৰ বাবে প্ৰতিবাদত ৰাজপথত বহিল চিটি বাছ কৰ্মচাৰীসকল (Transport department seized city Bus) । জব্দকৃত বাছসমূহৰ উপযুক্ত নথি-পত্ৰ থকাৰ লগতে সম্পূৰ্ণ নিয়ম মানি বাছ চলোৱাৰ পাছতো বাছসমূহ জব্দ কৰাৰ অভিযোগ পৰিবহণ বিভাগৰ বিৰুদ্ধে । তাৰ প্ৰতিবাদত শনিবাৰে খানাপাৰাৰ পৰা গণেশগুৰি অভিমুখী ৰাজপথ অৱৰোধ কৰে চিটি বাছ চালক, পৰিচালক তথা মালিক সন্থাই (City bus employee protest in Guwahati)। ফলত সদাব্যস্ত খানাপাৰাত যথেষ্ট যান জঁটৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা যায় । চালকসকলে আক্ষেপ প্ৰকাশ কৰি কয় যে "এই বিহু, বনভোজৰ সময়ত আমাৰ বাছসমূহ এনেকৈ জব্দ কৰি ৰাখিছে’’ । ইয়ে উপাৰ্জনৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিছে বুলি উল্লেখ কৰে ভুক্তভোগী বাছ-চালকসকলে ৷ এইক্ষেত্ৰত একাংশ বাছৰ মালিক আৰু চালকে কয় যে, গেছ চালিত বাছ চলাচলৰ সুবিধাৰ্থে পৰিবহন বিভাগে চিটি বাছসমূহ জব্দ কৰিছে । উল্লেখ্য যে, শুকুৰবাৰৰ দিনটোত পৰিবহন বিভাগে বিভিন্ন অজুহাত দেখুৱাই মহানগৰীত চলাচল কৰা এশৰো অধিক চিটি বাছ জব্দ কৰিছিল । তাৰ প্ৰতিবাদত উক্ত দিনা নিশাই বেতকুছিৰ পৰিবহন বিভাগৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদত বহিছিল চিটি বাছ চালক মালিক সন্থা (Transport Officers Office at Betkuchi) ৷ এইক্ষেত্ৰত পৰিবহন বিভাগ বা চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে আগন্তক তিনিমাহলৈ চিটি বাছ চলাচল বন্ধ ৰাখিব বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে বাছ চালক তথা মালিক সন্থাই ।
Last Updated : Feb 3, 2023, 8:38 PM IST

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.